গোলাঘাট,20 ছেপ্তেম্বৰ: গোলাঘাট জিলাৰ লগতে উজনি অসমৰ প্ৰায়বোৰ স্থানত দুচকীয়া বাহন চুৰিৰে সন্ত্ৰাস চলাই অহা চোৰৰ এটা চক্ৰক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । 9 ছেপ্টেম্বৰত গোলাঘাটৰ পাঁচ আলিৰ পৰা এখন ৰয়েল এনফিল্ড চুৰি কৰি নিছিল গোলাঘাটৰ অজয় সিং নামৰ এটা গভাইত চোৰে । এই চুৰি কার্যৰ পম খেদি অৱশেষত দুচকীয়া বাহন চুৰিৰ এটা চক্ৰৰ সবিশেষ পোহৰলৈ আনে গোলাঘাট আৰক্ষীয়ে।
চিচিটিভিৰ ভিডিঅ' ফুটেজত আৱদ্ধ চোৰৰ সবিশেষ উলিয়াবৰ বাবে গোলাঘাট আৰক্ষীয়ে পূৰ্বতে বহুবাৰ আটক কৰা জুনটি আলি নামৰ চোৰটোক সোধপোচৰ বাবে থানালৈ আনে আৰু চিচিটিভিৰ ফুটেজ চাই অজয় সিং নামৰ চোৰটোক চিনাক্ত কৰিলে জুনটি আলিয়ে । ইয়াৰ পিছতেই আৰক্ষীয়ে নিজৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি চলোৱা অভিযানত অজয় সিঙকে ধৰি খটখটিৰ পৰা দীপক ঠেঙাল নামৰ দুটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
![seized vehicles](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-20sept-bikethiefarrested-vis-byte-as10024_20092020095454_2009f_00224_330.jpg)
লগতে গ্ৰেপ্তাৰ কৰা দীপক ঠেঙালৰ পৰা চাৰিখনকৈ বাইক উদ্ধাৰ কৰে গোলাঘাট আৰক্ষীয়ে । অৱশ্যে বৰ্তমানলৈকে চুৰি চক্ৰটোৰ আন এক মাষ্টাৰ মাইণ্ড নাগালেণ্ডৰ সীমান্তৱৰ্তী নখুটিৰ কাইট' চেমাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
![seized vehicles](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-20sept-bikethiefarrested-vis-byte-as10024_20092020095454_2009f_00224_286.jpg)
আৰক্ষীৰ জেৰাত দীপক ঠেঙালে দুচকীয়া বাহন চুৰিৰ এই চক্ৰটোত জুনটি আলি, অজয় সিং আৰু পূৰ্বতে আৰক্ষীৰ হাতত ধৰা পৰা জান বৰা জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি জানিব দিয়ে আৰক্ষীয়ে ।
লগতে পঢ়কঃজনজাতিকৰণৰ দাবীত মৰাণত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট