ETV Bharat / state

গোলাঘাটত বিষাক্ত পানী সেৱন কৰি অসুস্থ 4 জন ব্যক্তি - Golaghat drunk toxic water admitted in Hospital

অসুস্থ হৈ পৰা ব্যক্তি কেইজন ক্ৰমে বুধিন গগৈ, পদ্ম বৰা, লক্ষীকান্ত বৰা আৰু ধ্ৰুৱজ্যোতি বৰা।

বিষাক্ত পানী সেৱন কৰি অসুস্থ 4 জন ব্যক্তি

author img

By

Published : Mar 6, 2020, 7:22 PM IST

গোলাঘাট, 6 মাৰ্চঃ গোলাঘাটত কীটনাশক দ্ৰব্য মিহলি পানী সেৱন কৰি অসুস্থ চাৰিজন ব্যক্তি। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শুকুৰবাৰে গোলাঘাটৰ মইনাপাৰৰ 4 জন কৃষকে নিজৰ খেতি কৰা পামঘৰত আহাৰ গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰে। হঠাৎ অসুস্থ হৈ পৰা ব্যক্তি কেইজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। প্ৰথম অৱস্থাত অসুস্থতাৰ কাৰণ জানিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তি সময়ত সেই পানী আন এজন ব্যক্তিয়ে সেৱন কৰাৰ পিছত সম্পূৰ্ণ বিষয়টো পোহৰলৈ আহে। ব্যক্তি কেইজনে সেৱন কৰা পানী ফিল্টাৰটো নিৰীক্ষণ কৰাত দেখা যায় যে সেই পানীত ফোৰাদন নামৰ কীটনাশক দ্ৰব্য মিহলি হৈ আছিল। অসুস্থ হৈ পৰা ব্যক্তি কেইজন ক্ৰমে বুধিন গগৈ, পদ্ম বৰা, লক্ষীকান্ত বৰা আৰু ধ্ৰুৱজ্যোতি বৰা। বৰ্তমান চাৰিওজন ব্যক্তি বিপদমুক্ত।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.