গোলাঘাট, ১৪ এপ্ৰিলঃ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ ৰঙৰে সমগ্ৰ ৰাজ্যতেই ঢোল- পেঁপা, গগণাৰ মাতত মন প্ৰাণ উপচি পৰিছে সকলোৰে । পিছপৰি থকা নাই গোলাঘাটৰ খুমটাইৰ বেতিয়নিৰ ৰাইজ । তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিলে বিহু ।
উল্লেখযোগ্য যে, 1934 চনৰ পৰাই বেতিয়নি ৰাইজে উদযাপন কৰি আহিছে অসমৰ জাতীয় উৎসৱটি । অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পিছতে আৰম্ভ হয় কণী যুঁজ, বিভিন্ন সাহিত্য প্ৰতিযোগিতা, বিহু নাম, ঢোল বাদন আদিৰো প্ৰতিযোগিতা । লগতে চিপিআই এম দল প্ৰয়াত দ্ৰোপদ বৰগোঁহাইৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে সুধীবৃন্দই । কাইলৈ হুঁচৰি, বিহুৱতী প্ৰতিযোগিতাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতি শোভাযাত্ৰাৰো আয়োজন কৰা বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে ।