ETV Bharat / state

Goalpara Moral Policing: গোৱালপাৰাত মৰেল পুলিচিং; যুৱকক বিদ্যুতৰ খুঁটাত বান্ধি মৰিয়াই মৰিয়াই হত্যা

author img

By

Published : Jul 25, 2023, 4:12 PM IST

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা ৷ গোৱালপাৰাত এজন যুৱকক চুৰি কাৰ্যৰে জড়িত থকাৰ সন্দেহত হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ৷

Goalpara Moral Policing
Goalpara Moral Policing
গোৱালপাৰাত মৰেল পুলিচিং

গোৱালাপাৰা, 25 জুলাই: ধাৰাবাহিক হত্যাকাণ্ড আৰু অপৰাধজনিত ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যত সংঘটিত হৈছে এটাৰ পাচত আন এটা হত্যাকাণ্ড ৷ এইবাৰ গোৱালপাৰাত সংঘটিত হ’ল ভয়ংকৰ ঘটনা ৷

গোৱালপাৰা শলামৰীত মৰেল পুলিচৰ আক্ৰমণত মৃত্যু হ’ল এজনৰ ৷ একাংশ উন্মত্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক ৷ নিহত যুৱকজনক ছেংচাং মাৰাক বুলি চিনাক্ত কৰা হৈছে ৷ উল্লেখ্য যে চুৰি কাৰ্যত লিপ্ত থকাৰ সন্দেহত একাংশই বিদ্যুতৰ খুঁটাত বান্ধি অতি বৰ্বৰভাৱে আক্ৰমণ কৰে যুৱকজনক ৷

জানিব পৰা মতে, ছেংচাং মাৰাক নামৰ যুৱৰজনক সোমবাৰে সন্ধিয়া ঘৰৰ পৰা দোকানলৈ বুলি ওলাই গৈছিল ৷ কিন্তু যুৱকজনক গৰু চুৰিৰে জড়িত থকাৰ সন্দেহ কৰি একাংশ মৰেল পুলিচে প্ৰথমে প্ৰহাৰ কৰা আৰম্ভ কৰে ৷ ইয়াতেই ক্ষান্ত নাথাকি উন্মত্ত লোকৰ দলটোৱে মাৰাকক এটা বিদ্যুতৰ খুঁটাত বান্ধি ওৰে নিশা প্ৰহাৰ কৰে ৷ কেৱল সিমানেই নহয়, লোৰ ৰড,ব্লেড আৰু ছুৰীৰেও অতি নিৰ্মমভাৱে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত স্থানত নিমখ ভৰাই দি অমানৱীয়ভাৱে অত্যাচাৰ কৰে ৷ যাৰ ফলত যন্ত্ৰণাত ছটফটাই ঘটনাস্থলীতে মৃত্যু হয় ছেংচাং মাৰাকৰ ৷

ইফালে, মঙলবাৰে পুৱাৰ ভাগতহে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হয় ৷ খবৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আগিয়া থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷ আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ ৷ অৱশ্যে বৰ্তমানলৈকে কোনো লোকক আৰক্ষীয়ে আটক অথবা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Golaghat tripple Murder: হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট; CID ৰ দল উপস্থিত গোলাঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.