ETV Bharat / state

Viral Video: ডাইনী সন্দেহত বৰ্বৰ আক্ৰমণ মহিলাক - Assam Police

অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মহিলাক বৰ্বৰ আক্ৰমণ । ডাইনী সন্দেহত এগৰাকী মহিলাৰ ওপৰত এই আক্ৰমণ ৰাইজৰ । পিছে ক’ত, কেনেকৈ সংগঠিত হৈছে এই ঘটনা ৷

witch hunting
পুনৰ ডাইনী কাণ্ড : ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’
author img

By

Published : Jul 14, 2021, 8:52 AM IST

Updated : Jul 14, 2021, 6:59 PM IST

গোৱালপাৰা, 14 জুলাই : একবিংশ শতিকাতো অন্ধবিশ্বাসৰ বলি ৰাজ্যৰ একাংশ লোক ৷ এগৰাকী মহিলাক ডাইনী (Witch)সন্দেহত কৰা বৰ্বৰ আক্ৰমণৰ ভিডিঅ’ ভাইৰেল ছ’চিয়েল মিডিয়াত (Social Media) ৷ সম্প্ৰতি এই ঘটনাই তোলপাৰ লগাইছে অসম আৰক্ষী (Assam Police)ত ৷

ভিডিঅ’টো চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বাজেংডোবা অঞ্চলৰ ৷ মহিলাগৰাকী গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী (Assam-Meghalaya Border)অঞ্চল হাতীগাঁৱৰ বোৱাৰী ৷ মহিলাগৰাকীক জালেৰে আৱদ্ধ কৰি ডাইনী (Witch) খেদোৱাৰ নামত পাশৱিক নিৰ্যাতন চলাইছে একাংশ লোকে ৷

ডাইনী সন্দেহত বৰ্বৰ আক্ৰমণ মহিলাক

এই ঘটনাটো দুদিন পূৰ্বে বাজেংডোবাৰ বৰঝৰাত সংঘটিত হয় ৷ এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া (Social Media)ত ভাইৰেল হোৱাৰ পিছত ঘটনাৰ স্থান গোৱালপাৰা বুলি চৰ্চা চলে ৷ গোৱালপাৰা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি সেয়া মেঘালয়ৰ ঘটনা বুলি নিশ্চিত হয় ৷

আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীৰ লগতে স্বামীক উদ্ধাৰ কৰি আগিয়া থানালৈ নিয়ে ৷ ঘটনা সন্দৰ্ভত গোৱালপাৰাৰ আৰক্ষী অধীক্ষকে সদৰী কৰা মতে, মহিলাগৰাকীৰ স্বামী মেঘালয়ৰ বাসিন্দা ৷ স্বয়ং স্বামীয়ে মহিলাগৰাকীৰ ওপৰত চলায় এই নিৰ্যাতন ৷ মেঘালয়ৰ প্ৰশাসনক ইতিমধ্যে ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে উচিত তদন্তৰ বাবে আহ্বান জনাইছে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : চাৰি বছৰ ভুৱা চিকিৎসা কৰি আৰক্ষীৰ জালত মুন্নাভাই MBBS

Last Updated : Jul 14, 2021, 6:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.