ETV Bharat / state

বনৰীয়া হাতীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে গোৱালপাৰাৰ কৃষকে

বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰাহীন গোৱালপাৰাৰ কৃষক ৷ বিঘাই বিঘাই শালি ধানৰ খেতি নষ্ট কৰাত কৃষকৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে ৷

author img

By

Published : Sep 29, 2020, 1:39 PM IST

WILD HERD OF ELEPHANT DESTROYING PADDY
বনৰীয়া হাতীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে গোৱালপাৰাৰ কৃষকে

বকো, 29 ছেপ্তেম্বৰ : ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত ৰাজ্যৰ কৃষকৰ অৱস্থা শোচনীয় হৈ উঠাৰ পিচতে শেহতীয়াকৈ বনৰীয়া হাতীৰ ত্ৰাসত পুনৰ কৃষকৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ ঠন ধৰি উঠা কৃষকৰ শস্যত জাকে-জাকে বনৰীয়া হাতীৰ ত্ৰাসত নিদ্ৰাহীন হৈছে ৰাজ্যৰ কৃষক ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বনৰীয়া হাতীয়ে কৃষকৰ শস্য নষ্ট কৰা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ ধনুভাঙা অঞ্চলত এজাক বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে কৃষকৰ ৷

শালিধান পকিবলৈ এতিয়াও প্ৰায় দুমাহ বাকী থকাৰ সময়ৰ পৰা পথাৰত নামিছে হাতীৰ জাক ৷ নষ্ট কৰিছে বিঘাই বিঘাই শালি খেতি ৷ যাৰবাবে সেউজীয়া হৈ উঠা ধাননি ডৰা উচন হৈ যোৱা দৃশ্য চাই অসহায় হৈ চাই ৰৈছে কৃষকে ৷

উল্লেখ্য যে, প্ৰতি বছৰে বনৰীয়া হাতীয়ে এইদৰে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত কৃষকৰ শস্য খাই তহিলং কৰি আহিছে ৷

লগতে পঢ়ক : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.