গোৱালপাৰা,৯ ছেপ্টেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চাটাইমাৰী পশু হাটক লৈ সৃষ্টি হৈছে দুই পক্ষৰ মাজত কন্দল । লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাটাইমাৰী পশু হাটখন বহু দিনৰ পৰা ইজ্জাদ্বাৰ আজিবৰ ৰহমান নামৰ ব্যক্তি এজনে চলাই আছিল । কিন্তু বজাৰখনৰ ভূমি সমস্যা চলি থকাৰ বাবে প্ৰায় এক-ডেৰ বছৰে কোনো নিবিদা হোৱা নাছিল ।
যাৰ বাবে জলেশ্বৰ আঞ্চলিক পঞ্চায়তৰ ফালৰ পৰা ক'ৰ সংগ্ৰহ কৰি আছিল । পিছত ইজ্জদাৰ আজিবৰ ৰহমানে পশু হাটখন নিবিদা হ'ব লাগে বুলি এই সম্পৰ্কত ৰাজহুৱাভাৱে উদ্ধৰ্তম কতৃৰ্পক্ষক আবেদন দাখিল কৰে । আবেদন দাখিলৰ পিছতেই উদ্ধৰ্তম কতৃৰ্পক্ষই লক্ষীপুৰ ৰাজহ চক্ৰক মাটিখিনিৰ তথ্য সংগ্ৰহ কৰাৰ নিৰ্দেশ দিয়ে ।
ৰাজহ চক্ৰৰ ফালৰ পৰা মাটিৰ তথ্য জমা দিয়াৰ পিছত উদ্ধৰ্তম কতৃৰ্পক্ষই তিনি মাহৰ বাবে ঈজ্জাদাৰ হিচাবে আজিবৰ ৰহমানক কৰ সংগ্ৰহ কৰিবলৈ লিখিতভাৱে অনুমতি দিয়ে । কিন্তু আমজাদ নামৰ লোক এজনে বজাৰৰ মাটিখিনি তেখেতৰ নিজৰ বুলি দাবী কৰি লক্ষীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে । তাৰ পিছতেই বজাৰ খনক লৈ দুই পক্ষৰ মাজত সৃষ্টি হয় কন্দল ।
বৰ্তমান পশু বজাৰখনৰ খাজানা দুই পক্ষৰ ইজ্জাদাৰে আদায় কৰাত ইজ্জাদাৰ আজিবৰ ৰহমানে সমস্যাত পৰিছে । ইয়াৰ সঠিক তদন্ত কৰি ন্যায় প্ৰদান কৰাৰ দাবী জনাইছে ইজ্জাদাৰ আজিবৰ ৰহমানে । ইতিমধ্যে বজাৰ কমিটিৰ সদস্য বুলি পৰিচয় দিয়া লোক এজনে এই পশু হাটখন প্ৰাইভেট বুলি কয় যদিও এই পশু হাটখনত জিলা উন্নয়ন অভিকৰণৰ জৰিয়তে চাটাইমাৰী পশু হাট হিচাপে মাটি পেলোৱা কাৰ্যই বজাৰখন প্ৰাইভেট বজাৰ নোহোৱা বুলিও ব্যাপক চৰ্চা আৰম্ভ হৈছে ।
লগতে পঢ়ক: Bihu Distortion in G20: বিহু নৃত্যৰ বিকৃতকৰণ; মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ