ETV Bharat / state

Land Dispute case: ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ হেৰুৱালে পিতা পুত্ৰই - 2 died in land dispute case

ভূমিক লৈ দুই ফৈদৰ মাজত তয়া-ময়া ৰণ (land dispute clash turn into horror)৷ বিৰোধী পক্ষৰ আক্ৰমণত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই, লগতে 6 গৰাকী লোক গুৰুতৰভাৱে আহত হয় (2 died in land dispute case) ৷

land-dispute-case-father-and-son-lose-their-lives-in-dagars-wounds
ডেগাৰৰ ঘাপত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই
author img

By

Published : Apr 29, 2023, 9:44 PM IST

ডেগাৰৰ ঘাপত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই

গোৱালপাৰা, 29 এপ্ৰিল: গোৱালপাৰাত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি (Land Dispute case)। দুটা ফৈদৰ মাজত হোৱা সংঘাতৰ ফলত দুজন লোক থিতাতে হোৱাৰ লগতে 6 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে (2 died in land dispute case) ৷

ঘটনা অনুসৰি গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গৌৰনগৰত দিন দুপৰতে ভূমি সংক্ৰান্তত দুটা ফৈদৰ মাজত প্ৰচণ্ড বাক-বিতণ্ডাৰ সৃষ্টি হয় (land dispute clash turn into horror) ৷ কিন্তু চকুৰ পচাৰতে এই বাক-বিতণ্ডা হতাহতিলৈ পৰিণত হয় ৷ সন্তেষ আলী নামৰ লোকজনৰ পক্ষই হাতত ডেগাৰ আৰু চোকা অস্ত্ৰ লৈ সিটো পক্ষৰ পিতা-পুত্ৰক আক্ৰমণ কৰি ঘটনাস্থলীতেই হত্যা কৰে ৷

আক্ৰমণত নিহত পিতা-পুত্ৰ দুজন ক্ৰমে হাতীমূৰা গাঁৱৰ আনোৱাৰ হুচেইন (40) আৰু পুত্ৰ ৰাহুল আমিন (18) বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি প্ৰায় 6 গৰাকী লোক আহত হৈছে বুলি জানিব পৰা গৈছে (6 injured in land dispute case) ৷

এই ঘটনাৰ পিচতে লগে লগে আৰক্ষীক অৱগত কৰাত লক্ষীপুৰ থানা আৰু জলেশ্বৰ থানাৰ আৰক্ষীৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈছে (Land Dispute case in Goalpara)৷ আৰক্ষীয়ে আহত কেইজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লক্ষীপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাইছে ৷ ইয়াৰোপৰি আৰক্ষীৰ দলটোৱে নিহত পিতা-পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত অনুসন্ধান আৰম্ভ কৰিছে ৷

স্থানীয়ে লোকে ঘটনাৰ সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি গাঁওখনত দুটাকৈ ফৈদ আছে ৷ এই দুয়োটা ফৈদৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছিল ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনহাতে পিতা পুত্ৰৰ অকস্মাত মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালটো ৷ অচিৰেই দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে ৷ এই কাণ্ডক দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: Illegal taxi stand: এগৰাকী যান বাহন আৰক্ষী বিষয়াৰ মইমতালিৰ বাবে বিপাঙত পৰিছে মঙলদৈ চহৰৰ টেক্সী চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.