ETV Bharat / state

AASAA protest : চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মৈজঙ্গা চাহ বাগিচা - Tea worker protest at Goalpara

প্ৰতিবাদকাৰীৰ বিভিন্ন দাবীৰে উত্তাল হ'ল গোৱালপাৰাৰ মৈজঙ্গা চাহ বাগিচা (Tea worker protest at Maijonga Tea Estate)। বাগিচাৰ ভিতৰত আদৰ্শ বিদ্যালয় স্থাপনৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । বিভিন্ন দাবীৰে বাগিচাৰ পৰিচালকলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ প্ৰতিবাদকাৰীৰ ।

AASAA protest
চাহ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Dec 18, 2022, 3:07 PM IST

চাহ শ্ৰমিকৰ প্ৰতিবাদ

গোৱালপাৰা,১৮ ডিচেম্বৰ : গোৱালপাৰাৰ মৈজঙ্গা চাহ বাগিচাত চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে (Protest at Maijonga Tea Estate)। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত গোৱালপাৰা জিলা সমিতি, মৈজঙ্গা আঞ্চলিক সমিতি আৰু স্থানীয় চাহ শ্ৰমিকসকলে চাহ বাগিচাৰ ভিতৰত আদৰ্শ বিদ্যালয় স্থাপনৰ লগতে কেইবাটাও দাবীত দেওবাৰে মৈজঙ্গা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AASAA protest at Goalpara)।

উল্লেখ্য যে বিভিন্ন সমস্যাৰে জৰ্জৰিত গোৱালপাৰা মৈজঙ্গা চাহ বাগিচাৰ কৰ্মচাৰীসকল । স্বাধীনতাৰ পূৰ্বৰে পৰা অসমত বসবাস কৰি আৰ্থ-সমাজিক দিশৰ লগতে অসমৰ সাংস্কৃতিক জগতলৈ অৱদান আগবঢ়োৱা চাহ বাগিচাৰ শ্ৰমীকসকল আজিও ৰজাঘৰীয়া দ্বাৰা উপেক্ষিত হৈ আছে । চাহ বাগিচাৰ চাৰিবেৰৰ মাজতে আবদ্ধ শ্ৰমিকসকল । শৈক্ষিক, বৌদ্ধিক আৰু স্বাস্থ্যজনিত অধিকাৰটো দূৰৰে কথা বহু ক্ষেত্ৰত মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈছে চাহ শ্ৰমিকসকল ।

যি সময়ত ৰাজ্যৰ শাসকীয় চৰকাৰখনে বাগিচা অঞ্চলত বসবাস কৰা লোকসকলৰ উন্নয়নৰ কথাৰে ভাষণৰ ফুলজাৰি মাৰি আহিছে সেই সময়তে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে গোৱালপাৰা মৈজঙ্গা চাহ বাগিচাৰ কৰ্মচাৰীসকল । সেয়েহে দেওবাৰে মৈজঙ্গা চাহ বাগিচাৰ কৰ্মচাৰীসকলে নিজৰ অধিকাৰৰ বাবে হাতে হাতে প্লে-কাৰ্ড, পোষ্টাৰ আদি লৈ বিভিন্ন শ্ল'গানেৰে চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (Tea worker protest at Goalpara)। চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপন, শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি, বাগিচাত স্থায়ী চিকিৎসক নিয়োগ কৰা, ১৫ বছৰে বাগিচাত কাম কৰা শ্ৰমিকক স্থায়ীভাৱে নিয়োগ কৰা, বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা আদি কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ।

চাহ শ্ৰমিকৰ লাইনৰ ওচৰত থকা ফিল্ডৰ কাষত আদৰ্শ বিদ্যালয় স্থাপনৰ ভূমি প্ৰদান কৰাৰ উপৰিও শ্ৰমিক লাইনত শ্ৰমিক থকাৰ বাবে পকী ঘৰ নিৰ্মাণ কৰা, এম্বুলেন্সৰ ব্যৱস্থা কৰাৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদৰ অন্তত মৈজঙ্গা চাহ বাগিচাৰ পৰিচালকলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :Constituency Delimitation : অসমত কিয় বন্ধ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.