ETV Bharat / state

বলদমাৰী চৰত যুৱকৰ আত্মহত্যা

author img

By

Published : May 23, 2021, 7:33 PM IST

গোৱালপাৰাৰ বলদমাৰী চৰত যুৱকৰ আত্মহত্যা ৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ ৷ অঞ্চলজুৰি চাঞ্চল্য ৷

suicide-in-badalmari-char
বলদমাৰী চৰত যুৱকৰ আত্মহত্যা

গোৱালপাৰা, 23 মে': এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্দৰ্গত ৪ নং বলদমাৰী চৰ ৷ ঘটনাটোৱে অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, লক্ষীপুৰ থানাৰ অন্তৰ্গত মেছেৰভিটা গাঁৱৰ ২২ বছৰীয়া মনোৱাৰ হুছেইন নামৰ যুৱকজনে যোৱা নিশা শহুৰ নৌস্বাদ আলীৰ ঘৰত চিপ লৈ ৰহস্যজনকভাৱে আত্মহত্যা কৰে ।

সম্পৰ্কত নৌস্বাদ আলী যুৱকজনৰ শহুৰ ৷ যোৱা কেইবাদিন ধৰি যুৱকজন তেওঁৰ শহুৰৰ ঘৰতে আছিল । স্থানীয় ৰাইজে জনোৱা মতে, যুৱকজনে ঘৰত পত্নী সাহেৰা বেগমক মাৰপিট কৰাৰ ফলত কেইবাদিন আগত যুৱতীগৰাকী মাকৰ ঘৰলৈ গুচি গৈছিল ৷

যুৱতীগৰাকীক মাৰপিট কৰাৰ বাবে পুনৰ মনোৱাৰৰ লগত যাবলৈ অমান্তি হোৱাত বিপাঙত পৰে যুৱকজন । স্থানীয় ৰাইজৰ ভাষ্য মতে পাৰিবাৰিক সমস্যাৰ বাবেই যুবকজন আত্মহত্যা কৰিছে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে এইয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড জানিব পৰা যাব ৷

লগতে পঢ়ক : শিলঘাটত চপৰা চপৰে খহিছে লুইতৰ গৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.