ETV Bharat / state

সৰ্বশিক্ষাৰ সৰ্বনাশী কাণ্ড : শিক্ষা অবিহনে উত্তীৰ্ণ হয় শিক্ষাৰ্থী - চৰকাৰী বিদ্যালয়

কেইটামান মিনিটতেই যাদুকৰী শিক্ষা দিয়ে শিক্ষকে

ভৈশখুলি প্ৰাথমিক বিদ্যালয়
author img

By

Published : Feb 28, 2019, 2:00 PM IST

ধুবুৰী,২৮ ফেব্ৰুৱাৰী: ৰাজ্যৰ শিক্ষাবিভাগৰ জয়জয়কাৰ ৰূপ আৰু বিজ্ঞাপনৰ চমকক ভেঙুচালি কৰি এখন চৰকাৰী বিদ্যালয়ে উদঙাই দিছে প্ৰকৃত শিক্ষাখণ্ডৰ স্বৰূপ । গোৱালপাৰা জিলাৰ ভৈশখুলি প্ৰাথমিক বিদ্যালয়ত মাহত এটা দিনৰ পাঠদান নহ'লেও সৰ্বশিক্ষাৰ নীতি অনুসৰি কোনো ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ নহয় এই বিদ্যালয়ত । নিজৰ নাম আৰু বিদ্যালয়ৰ নাম লিখিব নোৱাৰিলেও এতিয়া ভৈশখুলি প্ৰাথমিক বিদ্যালয়ত উত্তীৰ্ণ হয় ছাত্ৰ-ছাত্ৰী ।

ভৈশখুলি প্ৰাথমিক বিদ্যালয়

জিলাখনৰ বালিজানা শিক্ষাখণ্ডৰ অধীনস্থ গাৰো মাধ্যমৰ এইখন বিদ্যালয়ত ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাথো এগৰাকী শিক্ষক । ডেৰিছিং চাংমা নামৰ এইগৰাকী শিক্ষকে আকৌ মাহৰ এটা বা দুটা দিন বিদ্যালয়লৈ আহি দহ পোন্ধৰ মিনিটৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হিচাপ লৈয়ে দায়িত্ব সামৰে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ ভাষ্য অনুসৰি এইগৰাকী অকৰ্মণ্য শিক্ষকে বিদ্যালয়লৈ দৈনিক ছাত্ৰ-ছাত্ৰী নহাৰ অভিযোগ তুলি উপস্থিত নাথাকে বিদ্যালয়ত । অভিযোগ অনুসৰি , এইগৰাকী শিক্ষকৰ এনে কাণ্ড-জ্ঞানহীন কাৰ্যত আকৌ সহযোগ কৰে শিক্ষাবিভাগৰ একাংশ বৰমূৰীয়াই । স্থানীয় ৰাইজ , পৰিচালনা সমিতিক কেৰেপ নকৰা শিক্ষকজনৰ বিৰুদ্ধে জিলা উপায়ুক্ত , জিলা শিক্ষা বিষয়াক বহুবাৰ অভিযোগ দাখিল কৰাৰ পাচতো বৰ্তমানলৈকে শিক্ষকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এতিয়া প্ৰশ্ন হয় শিক্ষাখণ্ডৰ উন্নয়নৰ জয়ঢোল কোবাই থকা চৰকাৰখনে এনে অকৰ্মণ্য শিক্ষকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে ৰাজ্য চৰকাৰে । শিক্ষকৰ এই সোপাধিলা কাৰ্যৰ বাবেই ধ্বংসৰ গৰাহত পৰিব নেকি একো একোটা প্ৰজন্ম ।

A_SLUG_GOL_28_FEB_802_GOALPARA_LP_SCHOOL_VIS+BYTE_SEND_FTP_JAHIDUL.EXCLUSIVE

Anchor:-গোৱালপাৰাৰ সৰ্বশিক্ষাত সৰ্বনাশী কাণ্ড।
বিনা শিক্ষাৰে উত্তীৰ্ণ হয় ছাত্ৰ-ছাত্ৰী। মাহত এদিন পাঠদান নহ'লেও সৰ্বশিক্ষাৰ নীতি অনুসৰি কোনো ছাত্ৰ-ছাত্ৰী ফেল নহয়। নিজৰ নাম বা বিদ্যালয়ৰ নাম লিখিব নোৱাৰিলেও উত্তীৰ্ণ হয় ছাত্ৰ-ছাত্ৰী। এই অদ্ভুত বিদ্যালয়খনৰ নাম ভৈশখুলি প্ৰাথমিক বিদ্যালয়। জিলাখনৰ বালিজানা শিক্ষাখণ্ডৰ অধীনস্থ গাৰো মাধ্যমৰ বিদ্যালয়খনত ২২গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাথো এগৰাকী শিক্ষক। পাঁচটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মাহত মাথো এদিন বা দুদিনলৈ আহি দহ-পোন্ধৰ মিনিটৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ নাম মাতিয়ে ছ্যুটি দিয়ে শিক্ষক ডেৰিছিং চাংমা। এইগৰাকী শিক্ষকে এনেদৰে বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি মাহিলি দৰমহা ভোগ কৰি আছে। এইগৰাকী মদপী শিক্ষকক দৰমহা উলিয়াই দিয়াত সহযোগ কৰে শিক্ষা বিষয়াসকলে। সুৰাপায়ী এইগৰাকী শিক্ষকে বিদ্যালয় পৰিচালনা সমিতি, স্থানীয় ৰাইজ আৰু শিক্ষা বিষয়াক কেৰেপ নকৰে। স্থানীয় ৰাইজৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতিয়ে জিলা উপায়ুক্ত, জিলা শিক্ষা বিষয়া আৰু বালিজানা খণ্ড শিক্ষা বিষয়াক বছৰত কেইবাবাৰো অভিযোগ দিয়ে যদিও এইসকল বিষয়াই কোনো গুৰুত্ব নিদিলে। এই অদ্ভুত বিদ্যালয়খনৰ সন্দৰ্ভত  ETV Bharat Axom ৰ  এস্কুলুছিভ প্ৰতিবেদন।।.    Pkg                              

গোৱালপাৰাৰ পৰা জাহিদু ল ইছলাম, ই টি ভি ভাৰত অসম।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.