গোৱালপাৰা, 3 জানুৱাৰী : গোৱালপাৰা চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত দেওবাৰে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গোৱালপাৰা জিলাৰ মুঠ 427 গৰাকী ছাত্ৰীক স্কুটী বিতৰণ কৰে মন্ত্ৰী ভৱেশ কলিতাই । জিলাখনৰ ফণী শৰ্মা ভৱনত আয়োজিত ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানৰ ভাষণত মন্ত্ৰী ভৱেশ কলিতাই মেধাৱী ছাত্ৰী সকলক উদ্দেশ্যি কয় যে, প্ৰতি গৰাকী মেধাৱী ছাত্ৰীক পৰৱৰ্তী সময়ত এই বঁটাই আৰু অধিক উৎসাহী কৰিব ৷ প্ৰতিগৰাকী ছাত্ৰীয়ে ভালকৈ অধ্যয়ন কৰি এজন ভাল মানুহ হিচাপে সমাজক নেতৃত্ব দিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক ৰাভা, জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাবুদ্দিন আহমেদৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক : হাৰিয়ানাৰ নিজ গাঁৱতে শেষকৃত্য সমাপন হ'ব শ্বহীদ ৰবীন্দ্ৰ কুমাৰৰ