ETV Bharat / state

Sand smuggling in Goalpara : গোৱালপাৰাত উন্মোচিত কুখ্যাত বালি চোৰৰ ক’লা বেহাৰ দস্তাবেজ

গোৱালপাৰাৰ কুখ্যাত বালিচোৰৰ ক'লা বেহাৰ দস্তাবেজ ৷ কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে এইবাৰ বালি চোৰকাণ্ডৰ এক ভয়ংকৰ তথ্য উন্মোচিত হৈছে । এই সন্দৰ্ভত এক প্ৰতিবেদন ৷

author img

By

Published : Aug 22, 2023, 6:41 PM IST

Sand smuggling in Goalpara
বালিৰ চোৰাং ব্যৱসায়
বালিৰ চোৰাং ব্যৱসায়

গোৱালপাৰা, 22 আগষ্ট : অচিৰেই মৃত্যু হ’ব ৰাজ্যৰ দুখনকৈ ঐতিহাসিক নৈৰ ! বালি চোৰৰ অতপালিত ধ্বংসৰ গৰাহলৈ গতি কৰিছে দুখনকৈ ঐতিহাসিক নৈয়ে । আমি উল্লেখ কৰা এই নৈ দুখন হৈছে গোৱালপাৰাৰ ঐতিহাসিক দুধনৈ আৰু কৃষ্ণাই নৈ ৷

নিষিদ্ধ মেচিনৰে দিনে-নিশাই নৈৰ বুকু বিদীৰ্ণ কৰি দুয়োখন নৈ তিল তিলকৈ ধ্বংস কৰা হৈছে । বন বিভাগৰ ছত্ৰছায়াতে বালি চোৰে দুখনকৈ নৈক মৃত্যুৰ মুখলৈ ঠেলি দিছে ৷ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ।

প্ৰাপ্ত তথ্য মতে নৈৰ বুকুৰ পৰা ৰঙা বালি উঠাওতে কোনো ধৰণৰ মেচিন ব্যৱহাৰ কৰিব নোৱাৰে । নৈৰ পৰা শ্ৰমিকে সৰু সৰু উপকৰণ ব্যৱহাৰ কৰি হাতেৰে বালি উঠাব লাগে । এয়া আমাৰ কথা নহয়, খোদ বন বিভাগেই কৈছে এই কথা । কিন্তু এইবাৰ চাওক এইবোৰ দৃশ্যৰাজি ।

মহলদাৰে কি দৰে নিষিদ্ধ মেচিন ব্যৱহাৰ কৰি দুধনৈ আৰু কৃষ্ণাই নৈৰ পৰা উঠাছে বালি ? নিশাৰ অন্ধকাৰত নহয়, দিনৰ পোহৰত চলিছে এই নিষিদ্ধ কাৰবাৰ । মুকলিকৈ নৈৰ বুকুত মেচিন লগাই বালি উঠোৱাৰ দৃশ্য একেবাৰে সুলভ হৈ পৰিছে । ফলত ৰাইজেও এই নিষিদ্ধ মেচিনবোৰক অত দিনে বৈধ বুলিয়েই ভাবিবলৈ বাধ্য হৈছিল ।

মহলদাৰে ডজনে ডজনে পাৱাৰ পাম্প বহুৱাই নৈৰ বুকু বিদীৰ্ণ কৰি বালি উঠাই আহিছে । ফলত নৈত থকা বিভিন্ন প্ৰজাতিৰ কীট-পতংগ, শামুক, নানা প্ৰজাতিৰ লোকেল মাছ, জলজ উদ্ভিদ আদি মৃত্যুৰ মুখত পৰিছে৷ ধ্বংস হৈছে দুধনৈ আৰু কৃষ্ণাই নৈৰ জৈৱ-বৈচিত্ৰ ৷

উল্লেখ্য যে, দুধনৈ নৈখন চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব গাৰো পাহাৰৰ পৰা আৰু কৃষ্ণাই নদীখন মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ পৰা প্ৰবাহিত হৈ গোৱালপাৰাত প্ৰৱেশ কৰিছে । দুয়োখন নদী প্ৰবাহিত হৈ মাটিয়াত সংগম হৈ পৰৱৰ্তী পৰ্যায়ত ই মৰনৈ নৈ নামেৰে মহাবাহুত মিলিত হৈছে । যুগে যুগে চিৰপ্ৰবাহমান নদী দুখন বহু লোকৰ বাবে এক আয়ুস ৰেখা ।

কৃষিপ্ৰধান জিলাখনৰ হেজাৰ হেজাৰ কৃষক এই নৈ দুখনৰ পানীৰ ওপৰতেই নিৰ্ভৰশীল । তেওঁলোকে কৃষিকাৰ্যত এই নৈ দুখনৰ পানী ব্যৱহাৰ কৰি আহিছে । কিন্তু নৈ দুখনৰ শেহতীয়া অস্বাভাৱিক আচৰণত কৃষক ৰাইজো শংকিত হৈ পৰিছে । মহলদাৰৰ মুনাফাৰ স্বাৰ্থত দুখনকৈ ঐতিহাসিক নৈ মৃত্যুৰ মুখলৈ গতি কৰা ঘটনাক ৰাইজে মুঠেই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই ।

নৈৰ বুকুত নিষিদ্ধ মেচিনৰ ধ্বংসলীলা আৰু কিমান দিনলৈ চলিব ? কেতিয়া সাৰ পাব বন বিভাগ ? কেতিয়া নিদ্ৰাভংগ হ'ব চৰকাৰৰ ? দুয়োখন নৈ মৰুভূমিত পৰিণত হোৱালৈ অপেক্ষা কৰিছে নেকি চৰকাৰ কিম্বা প্ৰশাসনে ? এইবোৰ প্ৰশ্ন এতিয়া গোৱালপাৰাবাসী ৰাইজৰ মুখে মুখে উচ্চাৰিত হৈছে ৷

লগতে পঢ়ক : Assam’s largest village: অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.