ETV Bharat / state

Containment zone হিচাপে ঘোষণা Sainik School Goalpara ক

author img

By

Published : Nov 18, 2021, 9:59 PM IST

ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে এতিয়া ক’ভিডৰ সংক্ৰমণ । এইবাৰ গোৱালপাৰা সৈনিক স্কুলৰ ছাত্র আৰু শিক্ষক আক্ৰান্ত হল ক’ভিডত ।

Containment zone হিচাপে ঘোষণা Sainik School Goalpara ক
Containment zone হিচাপে ঘোষণা Sainik School Goalpara ক

গোৱালপাৰা, 18 নবেম্বৰ : দীৰ্ঘদিন বিৰতিৰ অন্তত ৰাজ্য বিদ্যালয় খোলাৰ লগে লগে বিদ্যালয় সমূহৰ দেখা দিছে ক’ভিডৰ সংক্ৰমণ । ইতিমধ্যে ৰাজ্যৰ কেইবাখন বিদ্যালয় কন্টেইনমেণ্ট জোন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে । শেহতীয়াকৈ, গোৱালপাৰা সৈনিক স্কুলত দেখা দিছে ক’ভিডৰ সংক্ৰমণ ।

২৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈকে সৈনিক স্কুলৰ ২৭ গৰাকী ছাত্ৰ আৰু ২ গৰাকী শিক্ষক ক’ভিডত আক্ৰান্ত হৈছে । যোৱা ১৫ নৱেম্বৰত সৰ্বাধিক ১৩ গৰাকী ছাত্র আৰু শিক্ষক আক্ৰান্ত হোৱাত ১৬ নৱেম্বৰৰ আবেলিৰ পৰা গোৱালপাৰা সৈনিক স্কুল কন্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে । বিদ্যালয়খনৰ মূল প্ৰৱেশ দ্বাৰত ওলোমাই থোৱা হৈছে তলা । বিদ্যালয়খনত ২৭ গৰাকী ছাত্র আৰু ২ গৰাকী শিক্ষক আক্ৰান্ত হলেও ইয়াৰে ১৫ গৰাকী ছাত্র আৰু ১ গৰাকী শিক্ষক সুস্থ হৈ উঠিছে ।

বাকী ১২ গৰাকী ছাত্র আৰু ১ গৰাকী শিক্ষক এতিয়াও গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন অৱস্থাত আছে । ইতিমধ্যে বিদ্যালয়খনত অফ লাইন পাঠদান বন্ধ কৰি অনলাইন পাঠদান আৰম্ভ কৰিছে ।

ইফালে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বুধবাৰৰ দিনটোত জিলাখনত নতুনকৈ ১৪ গৰাকী লোক আক্ৰান্ত হোৱাত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৫৪ গৰাকী । ইয়াৰে ৩৯ গৰাকী ইনষ্টিটিউচেনেল আইচলেচনত থকাৰ বিপৰীতে ১৫ জন হোম-আইচলেচনত আছে ।

লগতে পঢ়ক : সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.