গোৱালপাৰা, ১ ডিচেম্বৰ: মঙলবাৰে গোৱালপাৰাত অনুষ্ঠিত ৰাইজৰ দলৰ সভাত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক ভাস্ক' ডি শইকীয়াই । গোৱালপাৰা পূৱ সমষ্টিৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে মৰনৈ থানাৰ অন্তৰ্গত কোদালধোৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ৰাইজৰ দলৰ এখন সভা অনুষ্ঠিত হয় ।
তেওঁ কয় যে, 'কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষক বিৰোধী আইনৰ বিৰোধিতা কৰিছে দেশৰ কৃষকসকলে ।' অসম, অসমৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ দল গঠিত হৈছে বুলিও মন্তব্য কৰে শইকীয়াই ।
লগতে বিজেপি চৰকাৰক এইবাৰ গাদীচ্যুত কৰিবলৈ ৰাইজৰ দলে প্ৰস্তুতি চলাইছে বুলিও মন্তব্য কৰে । কংগ্ৰেছকো সমালোচনা কৰে ভাস্ক' ডি শইকীয়াই । ৰাইজৰ দলৰ গোৱালপাৰা জিলা সমিতিৰ মুখ্য আহ্বায়ক মুস্তাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন ।
আন এগৰাকী আহ্বায়ক আশ্ৰাফুল ইছলামে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি দুৰ্নীতিমুক্ত অসম, শোষণমুক্ত অসম গঢ়াৰ উদ্দেশ্যে ৰাইজৰ দল গঠন কৰা হৈছে । সমষ্টিৰটোৰ এখন ২৪ জনীয়া আহ্বায়ক সমিতি গঠন কৰে ৰাইজৰ দলৰ নেতৃত্বই । সভাখনত ৰাইজৰ দলৰ আহ্বায়কসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা পাঁচ সহস্ৰাধিক লোক উপস্থিত থাকে ।
লগতে পঢ়ক:খানাজানৰ গাৰ্ডৱালৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ