ETV Bharat / state

অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে ৰংজুলিত অভিযান

গোৱালপাৰাৰ ৰংজুলিত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান। বনবিভাগৰ এই অভিযানত প্ৰায় পাঁচ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডাসহ বিভিন্ন যন্ত্ৰপাতি জব্দ কৰে অভিযানকাৰী দলটোৱে।

author img

By

Published : Jun 10, 2021, 11:01 PM IST

গোৱালপাৰা ৰংজুলি বনবিভাগৰ অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে অভিযান।

গোৱালপাৰা,10 জুন: গোৱালপাৰাত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে ৰংজুলি বনবিভাগৰ অভিযান। ৰংজুলি আঞ্চলিক বন বিভাগৰ আঞ্চলিক বন বিষয়া ছেলিম আহমেদৰ নেতৃত্বত বন বিভাগৰ দলে দৰংগিৰি, জাকুৱাপাৰা আৰু ধূপধাৰাৰ দিঘলীকে ধৰি তিনিটা স্থানত অভিযান চলাই তিনিটাকৈ কাঠ ফলা মিল উৎখাত কৰাৰ লগতে ডেৰ লক্ষাধিক টকাৰ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে ৷

অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে ৰংজুলিত অভিযান

জব্দকৃত মিলকেইটাৰ যন্ত্ৰপাতি আৰু গছৰ কুণ্ডা সমূহ ধূপধৰাৰ কাঠ ভড়ালত মজুত কৰি ৰখাৰ লগতে ৰংজুলি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত অঞ্চলসমূহত যে একাংশ লোকে অবৈধভাৱে চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আহিছে তাকে প্ৰমাণ কৰিলে বুলি বন বিভাগ দলটোৱে সদৰি কৰে ৷

লগতে পঢ়ক: নগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.