ETV Bharat / state

পাকিস্তানলৈ গৈ নিৰ্বাচন খেলক ৰাহুলে : মমিনুল আৱাল

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চমু চপাৰ লগে-লগে কথাৰ কটাকটি ৰাজনৈতিক ৰথী-মহাৰথীৰ৷ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ দৌৰত বাকপটুতাৰ খেলত পৰিণত দেশৰ ৰাজনীতি৷

পাকিস্তানলৈ গৈ নিৰ্বাচন খেলক ৰাহুলে : মমিনুল আৱাল
author img

By

Published : Apr 13, 2019, 9:07 PM IST

গোৱালপাৰা, 13 এপ্ৰিল : গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নগৰবেৰাত মমিনুল আৱালৰ বিতৰ্কিত ভাষণ । ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ নেতা সকলক পাকিস্তানত গৈ নিৰ্বাচন খেলাৰ আহ্বান আৱালৰ ৷

শুকুৰবাৰে সন্ধিয়া নগৰবেৰাত গুৱাহাটী লোকসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মমিনুল আৱালে দিলে আন এক বিতৰ্কিত ভাষণ। দেশৰ জনগনে ইতিমধ্যে কংগ্ৰেছক প্ৰত্যাখান কৰিছে। কংগ্ৰেছৰ নেতা সকলৰ নাই ভাৰতবৰ্ষত নিৰ্বাচন খেলাৰ অধিকাৰ- এই মন্তব্য মমিনুল আৱালৰ৷

পাকিস্তানলৈ গৈ নিৰ্বাচন খেলক ৰাহুলে : মমিনুল আৱাল

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো কটাক্ষ কৰে আৱালে৷ তেওঁৰ মতে, গগৈৰ দিনত চলিছিল ৰাজ্যৰ সংখ্যালঘুক ধ্বংস কৰাৰ চক্ৰান্ত৷ কিন্তু নৰেন্দ্ৰ মোডী দেশৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰে পৰাই সুৰক্ষিত হৈছে ৰাজ্যৰ প্ৰত্যেকজন সংখ্যালঘু৷

Slug : Nagarbera = Mominul Awal Criticise Congress vis+byte send FTP.13,04.19

Anchor : গুৱাহাটী সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নগৰবেৰাত মমিনুল আৱালৰ বিতৰ্কিত ভাষণ । ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ নেতা সকলক পাকিস্তানত গৈ নিৰ্বাচন খেলাৰ আহ্বান। অন্যহাতে কুইন ওজাৰ মতে ববিতা শৰ্মাৰ বিদেশতহে আপোন মানুহ আছে। ইয়াত নাই। চাওক এই সন্দর্ভত আমাৰ এক ৰিপৰ্ট ।

V. O : দেশৰ এশ বিশ কোটি জনগণৰ এতিয়া যেন আৰু উন্নয়ণ নেলাগে। ৰাজনৈতিক দলৰ নেতা সকলে ইজনে সিজনক গালি পাৰিয়েই নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে। শুকুৰবাৰে সন্ধিয়া নগৰবেৰাত গুৱাহাটী লোকসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মমিনুল আৱালে দিলে আন এক বিতৰ্কিত ভাষণ। দেশৰ জনগনে ইতিমধ্যে কংগ্ৰেছক ৰিজেক্ট কৰিছে। কংগ্ৰেছৰ নেতা সকলৰ ভাৰত বৰ্ষত নিৰ্বাচন খেলাৰ অধিকাৰ নাই। কাৰণ ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ নেতা সকলে ইয়াত ভাষণ দিলে তালি বাজে পাকিস্তানতহে। পাকিস্তানী সংবাদ মাধ্যমত কংগ্ৰেছৰ গুনগান গোৱা হয়। সেয়ে কংগ্ৰেছ দেশৰ বাবে শত্ৰু। 
V. O : নিজৰ ভাষণত মমিনুল আওৱালে টাৰ্গেট কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। আৱালৰ অভিযোগ তৰুণ গগৈৰ শাসনত বিভিন্ন সময়ত ৰাজ্যত চলিছিল সংখ্যালঘু নিধন যজ্ঞ। মৃত্যু হৈছিল শ শ লোকৰ। কিন্তু বিজেপিৰ দিনত ৰাজ্যৰ সংখ্যালঘু জনগণ বিশ্বৰ ভিতৰত শান্তিত বসবাস কৰিছে। 
V. O : ইপিনে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাই কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাকো সমালোচনা কৰে। তেওঁ কয় ববিতা শৰ্মাৰ বিদেশতহে আপোন মানুহ আছে । ইয়াত নাই । সেয়ে গুৱাহাটী বাসীৰ আপোন মানুহ হিচাবে কুইন ওজাকহে ভোট দিব লাগে। 

V. O : নৰেন্দ্ৰ মোডীৰ দিনত ৰাজ্যত বহুত উন্নয়ণ হৈছে। কিন্তু ইয়াত নহল। সেয়ে কুইন ওজাক ভোট দিব লাগে। বিগত দিনত গুৱাহাটী বাসীয়ে ভুল কৰিছে। এয়া কুইন ওজাই কৈছে। কিন্তু আমি মনত পেলাই দিওঁ ওজা বাইদেউ। গুৱাহাটী সমষ্টিত ১৫ বছৰ সাংসদ হৈ থাকিল বিজয়া চক্ৰৱৰ্তী। তেওঁ যদি উন্নয়ণ কৰিব পৰা নাই সেয়া কাৰ দোষ?? আপোনাৰ অপৰিপক্ক ভাষণেও আপোনাৰ ভৰিত কুঠাৰ মাৰিব পাৰে। 

V. O : এইবাৰ এই দৃশ্য চাওক । বিজেপিৰ অচ্ছে দিনৰ পোহৰ নপৰিল নগৰবেৰাত। ২৪ ঘন্টাই বিদ্যুত যোগান দিয়াৰ প্ৰতিশ্ৰুতি কিমান ফলিয়ালে এই দৃশ্যই প্ৰমাণ কৰা নাইনে?? 
                           Byte : কুইন ওজা ।
        গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.