গোৱালপাৰা, 22মে’: ৰাজ্যৰ বাবে সম্প্ৰতি বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত (Man Elephant conflict in Assam) কোনো নতুন কথা নহয় ৷ দীৰ্ঘদিন ধৰি চলি অহা এই সংঘাত বৰ্তমান সময়ত চিৰাচৰিত ঘটনা হৈ পৰিছে ৷
হস্তী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যখনত কেৱল মানুহৰ মৃত্যু হোৱাই নহয়, বহু কেইটা হাতীৰো প্ৰাণ শেষ হৈছে ৷ সমান্তৰালভাৱে গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Wild elephant persecution in Goalpara) ৷ বিগত এটা মাহত বনৰীয়া হাতীৰ আক্ৰমণত দুজকৈ লোকৰ মৃত্যু হোৱাৰ উপৰিও হাতীয়ে যোৱা দুদিনত 40 টাকৈ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি ভৰাঁলৰ ধান-চাউল খাই তহিলং কৰিছিল ৷
আনহাতে 18 মে’ৰ নিশা বন্যহস্তীৰ গচকৰ ফলত এজন 16 বছৰীয়া যুৱকজনৰ মৃত্যু হৈছিল ৷ কিন্তু, এই পৰ্যন্ত সংশ্লিষ্ট বিভাগৰ সেই দুৰ্ভগীয়া পৰিয়ালসমূহৰ খবৰ ল’বলৈ আহৰি হোৱা নাই । ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ৷ শনিবাৰে জিলাৰখনৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত কুৰ্শ্বাপাকৰত হাতে হাতে প্লেকাৰ্ড ফেষ্টুন লৈ চৰকাৰৰ বিৰোধী বিভিন্ন শ্লগানেৰে ভুক্তভোগীসকলে প্ৰতিবাদ সাব্যস্ত কৰে (Public protest against forest department in Goalpara) ৷
‘‘অসম চৰকাৰ হায় হায়, বন মন্ত্ৰী হায় হায়, গোৱালপাৰাৰ বন বিভাগ মুৰ্দাবাদ’’ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীসকলে৷অনাগত দিনত বন বিভাগে যদি হাতী মানুহৰ সংঘাতৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বনবিভাগৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰীয়ে ।
লগতে পঢ়ক : বৰপেটাত জেহাদীৰ বিৰুদ্ধে NIAৰ অভিযান