ETV Bharat / state

বান সাহায্য প্ৰদানৰ নামত ৰজাঘৰীয়াৰ প্ৰহসন - প্ৰতিবাদ

সাহায্যৰ নামত বন্যাৰ্তৰ অৱস্থাক উপলুঙা কৰিছে চৰকাৰে ৷ প্ৰতিজন মানুহলৈ এসাঁজত প্ৰতিজন লোকক 2 গ্ৰাম মিঠাতেল, 2 গ্ৰাম নিমখ, 50 গ্ৰাম দাইল আৰু 300 গ্ৰাম চাউল সাহায্য হিচাপে আগবঢ়ালে চৰকাৰে ৷ নগৰবেৰাৰ বহুকেইটা বান শিবিৰত সংঘটিত হৈছে এই ঘটনা ৷ কম পৰিমাণে দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ প্ৰতিজন লোকক এক কিলোগ্ৰামকৈ চাউল বিতৰণ কৰিবলৈ লোৱাত প্ৰথমে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় | পৰৱৰ্তীসময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল |

বান সাহায্য প্ৰদানৰ নামত ৰজাঘৰীয়াৰ প্ৰহসন
author img

By

Published : Jul 21, 2019, 7:00 PM IST

গোৱালপাৰা, জুলাই 21 : বান শিবিৰত সাহায্য প্ৰদানৰ নামত প্ৰহসন চৰকাৰৰ৷ গোৱালপাৰাৰ বান শিৱিৰত সংঘটিত হৈছে এই আজৱ ঘটনা ৷ এসপ্তাহে বানত সৰ্বস্বান্ত হৈ শিৱিৰত ভোকে-পিয়াহে ককবাকই থকা বন্যাৰ্তলৈ সাহায্য আগবঢ়ালে ৰজাঘৰীয়াই ৷ কিন্তু সাহায্যৰ নামত যে বন্যাৰ্তৰ অৱস্থাক উপলুঙা হে কৰিছে চৰকাৰে ৷ প্ৰতিজন মানুহলৈ এসাঁজত প্ৰতিজন লোকক 2 গ্ৰাম মিঠাতেল, 2 গ্ৰাম নিমখ, 50 গ্ৰাম দাইল আৰু 300 গ্ৰাম চাউল সাহায্য হিচাপে আগবঢ়ালে চৰকাৰে ৷ নগৰবেৰাৰ বহুকেইটা বান শিবিৰত সংঘটিত হৈছে এই ঘটনা ৷

বান সাহায্য প্ৰদানৰ নামত ৰজাঘৰীয়াৰ প্ৰহসন

উল্লেখ্য যে, বিগত এটা সপ্তাহ টুপামাৰীৰ ৰঙ্গেশ্বৰী, ভখুৰাদিয়া আৰু বদলাৰ বান শিবিৰ সমুহত অনাহাৰে অনিদ্ৰাই দুৰ্ভোগ ভুগিব লগীয়া হৈছে বন্যাৰ্তই ৷ অৱশেষত চৰকাৰে দুৰ্গতসকললৈ আংশিক সাহায্য আগবঢ়ালে যদিও এই সাহায্যই যেন জলাই তুলিলে ক্ষুধাতুৰ বন্যাৰ্তৰ ক্ষোভৰ অগনি ৷ কিয়নো যি পৰিমাণৰ সাহায্য আগঢ়োৱা হৈছে তাৰে এসাঁজ পেট পূৰাই খাবলৈও নোজোৰে বন্যাৰ্তসকলক ৷ চৰকাৰৰ ফালৰ পৰা টুপামাৰীত 6000 বানাক্ৰান্তৰ বাবে 24 কুইন্টল চাউল, 390 কিলোগ্ৰাম দাইল, 10 লিটাৰ মিঠাতেল আৰু 10 কিলোগ্ৰাম নিমখ প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে ৰঙ্গেশ্বৰীত 4000 লোকৰ বাবে যোগান ধৰা হৈছে 20 কুইন্টল চাউল, 330 কিলোগ্ৰাম দাইল, 7 কিলোগ্ৰাম নিমখ আৰু 7 লিটাৰ মিঠাতেল । চৰকাৰে সাহায্য প্ৰদানৰ নামত এইদৰে বন্যাৰ্তৰ দুৰ্যোগক ভেঙুচালি কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে এইসকল দুৰ্ভগীয়া ৷

বিলাসীপাৰাৰ বান শিবিৰত উত্তপ্ত পৰিস্থিতি

আনহাতে বান সাহায্য কম পৰিমাণে দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ একাডেমী উঃ মাঃ বিদ্যালয়ত শিৱিৰ পাতি আছে প্ৰায় তেৰ শতাধিক লোকে ৷ বন্যাৰ্তসকলৰ মাজত চৰকাৰে 20 কুইন্টল চাউল, 384 কিলোগ্ৰাম মছুৰ দাইল, 108 লিটাৰ সৰিয়হৰ তেল, 115 কিলোগ্ৰাম নিমখ, 60 পেকেট মমবাতি, 30 পেকেট মহ খেদা ধূপ যোগান ধৰে | বিদ্যালয় খনত শিবিৰৰ দায়িত্বত থকা অধ্যক্ষা মীৰা দেবী আৰু আন একাংশ শিক্ষকে প্ৰতিজন লোকক এক কিলোগ্ৰামকৈ চাউল বিতৰণ কৰিবলৈ লোৱাত প্ৰথমে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় | পৰৱৰ্তীসময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল | আৰক্ষীয়ে ছাদ্দাম হুছেইন নামৰ যুৱক এজনক আটক কৰি নিয়ে যদিও শিবিৰৰ শৰণাৰ্থী সকলে ঘেৰাও কৰে বিলাসীপাৰা আৰক্ষী থানা | পৰৱৰ্তী সময়ত মহকুমা দণ্ডাধীশৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি |

Intro:Slug: as_gol_minimum_relief_public_protest_vis6_byt2_spl_pkg_7203844

Anchor... বান সাহাৰ্য্য প্ৰদানৰ নামত সংঘটিত হৈছে এক আজৱ ঘটনা।এসপ্তাহে ভোকে লঘোণে বান শিবিৰত ককবকাই থকা বন্যাৰ্তক দিলে গাইপতি ২ গ্ৰাম মিঠাতেল, ২ গ্ৰাম নিমখ, ৫০ গ্ৰাম দালি আৰু ৩০০ গ্ৰাম চাউল।ক্ষোভিত বন্যাৰ্তই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। নগৰবেৰাৰ টুপামাৰী ৰঙ্গেশ্বৰীত সংঘটিত হৈছে এই ঘটনা। এক ৰিপৰ্ট।Body:Slug: as_gol_minimum_relief_public_protest_vis6_byt2_spl_pkg_7203844

Anchor... বান সাহাৰ্য্য প্ৰদানৰ নামত সংঘটিত হৈছে এক আজৱ ঘটনা।এসপ্তাহে ভোকে লঘোণে বান শিবিৰত ককবকাই থকা বন্যাৰ্তক দিলে গাইপতি ২ গ্ৰাম মিঠাতেল, ২ গ্ৰাম নিমখ, ৫০ গ্ৰাম দালি আৰু ৩০০ গ্ৰাম চাউল।ক্ষোভিত বন্যাৰ্তই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। নগৰবেৰাৰ টুপামাৰী ৰঙ্গেশ্বৰীত সংঘটিত হৈছে এই ঘটনা। এক ৰিপৰ্ট।

V. O.. অৱশেষত এসপ্তাহে নগৰবেৰাৰ টুপামাৰী ৰঙ্গেশ্বৰী, ভখুৰাদিয়া আৰু বদলাৰ বান শিবিৰ সমুহত হাহাকাৰ কৰি থকা বন্যাৰ্তলৈ চৰকাৰে প্ৰদান কৰিলে বান সাহাৰ্য্য।পিছে চৰকাৰৰ বান সাহাৰ্য্য পাই আনন্দিত হোৱাৰ পৰিৱৰ্তে ক্ষোভিত হৈ পৰিল হাজাৰ হাজাৰ বন্যাৰ্তই।কাৰন এসপ্তাহে ঘৰ বাৰী এৰি মুকলি আকাশৰ তলত মথাউৰিত আশ্ৰয় লৈ থকা বান পীড়িত সকলক প্ৰদান কৰা সাহাৰ্য্যৰে এসাজো খাব নোৱাৰিব বন্যাৰ্তই।চৰকাৰে প্ৰদান কৰা বান সাহাৰ্য্যৰ পৰিমাণৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব।কিয়নো গাইপতি ২ গ্ৰাম মিঠাতেল, ২ গ্ৰাম নিমখ, ৫০ গ্ৰাম দাইল আৰু ৩০০ গ্ৰাম চাউল দিলে চৰকাৰে।এতিয়া আপুনিয়ে অনুমান কৰক এই পৰিমানৰ বস্তুৰে কিমান সাজ খাব পাৰিব এওলোকে।সম্ভৱত এসাজ খাব পৰা সাহাৰ্য্যও নাপালে বন্যাৰ্তই। সেয়ে নগৰবেৰাৰ টুপামাৰীত বান পীড়িত লোক ক্ষোভিত হৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।বান সাহাৰ্য্যৰ নামত ভেকোঁভাওনা বন্ধ কৰক,অসম চৰকাৰ হায় হায়,আমাক পৰ্যাপ্ত সাহাৰ্য্য দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।চৰকাৰে বান সাহাৰ্য্য প্ৰদানৰ নামত এই সকল দূৰ্ভগীয়া বন্যাৰ্তৰ আবেগ অনুভূতিৰ সৈতে ধেমালিহে আৰম্ভ কৰিছে বুলি অভিযোগ তুলিলে এই সকল বন্যাৰ্তই। উল্লেখ্য যে,চৰকাৰৰ ফালৰ পৰা টুপামাৰীত ৬০০০ লোকৰ বিপৰীতে ২৪ কুইন্টল চাউল,৩৯০ কেজি দাইল, ১০ লিটাৰ মিঠাতেল আৰু ১০ কেজি নিমখ প্ৰদান কৰাৰ লগতে ৰঙ্গেশ্বৰীত ৪০০০ লোকৰ বিপৰীতে দিলে ২০ কুইন্টল চাউল, ৩৩০ কেজি দাইল, ৭ কেজি নিমখ আৰু ৭ লিটাৰ মিঠাতেল।

Byte.. Flood effected people..

জাহিদুল ইছলাম, গোৱালপাৰাConclusion:Slug: as_gol_minimum_relief_public_protest_vis6_byt2_spl_pkg_7203844

Byte.. Flood effected people..

জাহিদুল ইছলাম, গোৱালপাৰা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.