ETV Bharat / state

গোৱালপাৰা আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ - আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ

অসম আৰক্ষীয়ে শেহতীয়াকৈ অপৰাধ নিয়ন্ত্ৰণৰ বাবে উঠি পৰি লাগিছে ৷ এনে সময়তে গোৱালপাৰাৰ দুধনৈ আৰক্ষীয়ে লাভ কৰিলে সফলতা । শেহতীয়াকৈ দুধনৈ আৰু ৰংজুলি আৰক্ষীৰ যুটীয়া অভিযানত কেইবাখনো বাইকসহ ৫ জনকৈ বাইক চোৰক গ্ৰেপ্তাৰ কৰা হয় ।

police aginst motor-bike-thief-racket
গোৱালপাৰা আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ
author img

By

Published : Jun 8, 2021, 2:17 PM IST

গোৱালপাৰা,8 জুন: সমগ্ৰ ৰাজ্যত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণকাৰী অভিযান তীব্ৰতৰ ৰূপত অব্যাহত আছে ৷ এই সময়তে গোৱালপাৰা জিলাৰ আৰক্ষী প্ৰশাসন কুখ্যাত বাইক চুৰি চক্ৰ (motor bike thief racket) উৎখাতৰ বাবে তৎপৰ হৈ পৰিছে ।

শেহতীয়াকৈ বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিলে গোৱালপাৰা আৰক্ষী প্ৰশাসনে । পুনৰ আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ বাইক চুৰি চক্ৰৰ তিনিটা বাইক চোৰ ৷ আনহাতে আৰক্ষীয়ে সোধ-পোছৰ বাবে আন দুজন যুৱকক আটক কৰিছে ।

ইয়াৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে 9 খনকৈ চুৰি বাইক । দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি আৰু ৰংজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (officer in charge) ভবেন দাসৰ নেতৃত্বত আৰক্ষীৰ দলে শিমলীতোলা আৰক্ষীৰ সহযোগত ৰংজুলিৰ খেৰোপাৰাৰ পৰা নুৰ আলম নামৰ কুখ্যাত বাইক চোৰটোক আটক কৰাৰ লগতে উদ্ধাৰ কৰে বাইক আৰু বহু ভূৱা নম্বৰপ্লেট সহ যন্ত্ৰপাতি ।

গোৱালপাৰা আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ

আৰক্ষীয়ে আটক কৰা আন কেইটা চোৰ ক্ৰমে আব্দুল ৰহিম আলী, মালেক হুছেইন, ৰাজিবুল ইছলাম আৰু চমেছ আলী বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বাইক চুৰি চক্ৰটোৰ পৰা ব্যৱসায়িক বাহনৰ নম্বৰপ্লেট উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ইফালে এই বাইক চুৰি চক্ৰটোৱে অকল গোৱালপাৰা জিলাতে নহয় অসমৰ বিভিন্ন প্ৰান্তত বাইকৰ চোৰাং ব্যৱসায় (illegal dealing of motor bikes) চলাই থকা বুলিও গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (additional SP goalpara) মৃণাল ডেকাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : শিলচৰত বিধায়ক পুঁজিৰ ধনৰে অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.