ETV Bharat / state

ডিজিটেল ইণ্ডিয়াৰ মেৰুদণ্ডবিহীন এটা অঞ্চল - খোদ বিজেপি চৰকাৰৰ এগৰাকী বিধায়ক দীপক ৰাভাৰ সমষ্টি

যি সময়ত কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে তেনে সময়তে একাংশ লোকে নিজকে মেৰুদণ্ডবিহীন বুলি উল্লেখ কৰিছে ৷ আচহুৱা যেন লাগিলেও এই কথাই সত্য যে, অসম-মেঘালয় সীমান্তৱৰ্তী অসমৰ দুধনৈ সমষ্টিতে আছে এনেকুৱা এটা বাণিজ্যিক ঘাটি যি ক্ৰমাৎ মৃত্যুৰ মুখলৈ গতি কৰিছে ৷

বৃহত্তৰ মেন্দীপথাৰ অঞ্চলৰ দুৰৱস্থা
author img

By

Published : Sep 11, 2019, 4:40 PM IST

গোৱালপাৰা, 11 চেপ্তেম্বৰঃ চৰকাৰী উন্নয়নে চুবলৈ সক্ষম নোহোৱা অসমৰ এটা বৃহত্তৰ অঞ্চল ৷ যিটো অঞ্চল এসময়ত অসমৰ অন্যতম বাণিজ্যিক ঘাটি আছিল, য'ৰ পৰা বাহিৰলৈ অসমৰ থলুৱা সামগ্ৰী ৰপ্তানি হৈছিল ৷ কিন্তু সেই অঞ্চলবাসীয়ে সংবাদ মাধ্যমৰ আগত বৰ্তমান নিজকে মেৰুদণ্ডবিহীন বুলি আক্ষেপেৰে উল্লেখ কৰিছে ৷ বৰ্তমান সময়ত অঞ্চলটোত বিদ্যুতৰ পৰা আৰম্ভ কৰি স্বাস্থ্য তথা যোগাযোগ ব্যৱস্থাৰ বাবে নাই কোনো আধুনিক সুবিধা ৷ ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা খোদ বিজেপি চৰকাৰৰ এগৰাকী বিধায়ক থকাৰ পিচটো অঞ্চলবাসীয়ে বৰ্তমানে বিভিন্ন সমস্যাৰ মাজেৰে দৈনন্দিন জীৱন পাৰ কৰিবলগীয়া হৈছে ৷

গোৱালপাৰা জিলাৰ মেন্দীপথাৰ বজাৰ

অসম-মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ এই বাণিজ্যিক ঘাটিটো হৈছে মেন্দীপথাৰ ৷ এটা সময়ত গাৰো আৰু অসমীয়াৰ মাজত সমন্বয় গঢ়ি তুলিছিল এই বজাৰখনে ৷ বজাৰখনৰ লগতে গাৰো আৰু অসমীয়াসকলৰ মাজত হোৱা সকলোধৰণৰ যোগাযোগ ব্যৱস্থাৰ একমাত্ৰ উপায় আছিল কৃষ্ণাইৰ পৰা মেন্দীপথাৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো ৷ কিন্তু এই পথটোৰ বৰ্তমানৰ অৱস্থাৰ বাবেই এতিয়া একপ্ৰকাৰে সকলোফালৰ পৰা বঞ্চিত হৈ পৰিছে সমগ্ৰ মেন্দীপথাৰ অঞ্চলবাসী ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি একেবাৰে জৰাজীৰ্ণ হৈ পৰা পথচোৱা বিগত বৰ্ষসমূহত কোনোখন চৰকাৰেই মেৰামতিৰ ব্যৱস্থা নকৰিলে ৷ পথটোৰ লগতে, সমগ্ৰ মেন্দীপথাৰ অঞ্চলবাসীয়ে লাভ কৰা নাই অসম চৰকাৰৰ কোনোধৰণৰ আঁচনিৰ সুবিধা ৷ বিদ্যুৎ যোগানৰ পৰা ধৰি বিদ্যালয় তথা স্বাস্থ্য আৰু অন্যান্য লাগতিয়াল সেৱাসমূহ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে অঞ্চলটোত ৷ অসমৰ অংগ হৈয়ো অঞ্চলবাসীয়ে মেঘালয়ৰ পৰা ক্ৰয় কৰি আহিছে বিদ্যুৎ তথা খোৱাপানী ৷ ইয়াৰ বাবে মেঘালয় চৰকাৰে অঞ্চলবাসীৰ পৰা গ্ৰহণ কৰি আহিছে অতিৰিক্ত মাচুল ৷ ইয়াৰ উপৰিও অঞ্চলটোত নাই কোনো অগ্নিনিৰ্বাপক বাহিনীকে ধৰি এম্বুলেন্স সেৱা ৷

গোৱালপাৰা জিলাৰ মেন্দীপথাৰ বজাৰ

ৰাইজৰ অভিযোগ, পৰিৱৰ্তনৰ শ্লোগান দিয়া দুধনৈ সমষ্টিৰ বিজেপি বিধায়ক দীপক ৰাভাৰ সমষ্টিবাসীৰ সমস্যাৰ প্ৰতি নাই তিলমাত্ৰ গুৰুত্ব ৷ কেন্দ্ৰ আৰু ৰাজ্যত নিজ দলৰ চৰকাৰ থকাৰ পিছটো মেন্দীপথাৰবাসীয়ে এতিয়া বহিঃৰাজ্যৰ সৈতে একপ্ৰকাৰ যোগাযোগ বিহীনভাৱে দিন পাৰ কৰিছে ৷ যি সময়ত কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতিকে ধৰি বজাৰ আৰু অন্যান্য সামগ্ৰী তথা সেৱাগত দিশসমূহৰ দ্ৰুত উন্নয়নৰ বাবে ইখনৰ পিচত সিখন আঁচনিৰ ঢাক-ঢোল বজাইছে তেনে সময়তে মেন্দীপথাৰবাসীয়ে আক্ষেপেৰে নিজকে মেৰুদণ্ডবিহীন বুলি উল্লেখ কৰিছে ৷ পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনে উন্নয়ন সাধিবলৈ সক্ষম নহ'লেও অঞ্চলটোলৈ এবাৰ চকু মেলি চাবলৈ অনুৰোধ জনাইছে সমগ্ৰ মেন্দীপথাৰবাসীয়ে ৷

Anchor:- চৰকাৰ আহিছে গৈছে, কি কংগ্ৰেছ,কি অগপ কি বিজেপি...ছব একেই।গুৰুত্ব নাই বিজেপি বিধায়ক দীপক ৰাভাৰ।কানসাৰ গৰকপ্তানী বিভাগৰ।পিছে ৰাইজৰ সমস্যা কোনে????
হয়,আমি কব ওলাইছোঁ অসম মেঘালয়ৰ সীমান্তত থকা মেনদীপথাৰ বজাৰখনৰ বাট-পথসমূহৰ উন্নয়নৰ কথা।এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন

V.O :- গোৱালপাৰা জিলাৰ অসম মেঘালয়ৰ সীমান্তৰ এখন দৈনিক বজাৰ।দুয়োখন ৰাজ্যৰ সীমান্তৰ মধ্যভাগত থকা এই বজাৰ খনৰ নাম মেনদীপথাৰ ।এই বজাৰখনে সমন্বয় গঢ়ি তুলিছে মেঘালয়ৰ গাৰো আৰু অসমীয়া ৰাইজৰ মাজত।কিন্তু বজাৰ খনৰ মেঘালয় খণ্ডৰ বাটপথ সমূহ পকী আৰু অসম খণ্ডৰ বাট-পথবোৰ জৰাজীৰ্ণ।এই বজাৰ খনৰ অসমীয়া ৰাইজে মেঘালয়ৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল।অসমৰ ভূমিত মেঘালয়ৰ চৰকাৰে বিদ্যুৎ সংযোগ দি নিয়মীয়াকৈ সংগ্ৰহ কৰিছে বিদ্যুতৰ মাচুল।প্ৰকৃত মেঘালয় সংলগ্ন মেনদীপথাৰ বজাৰৰ ৰাইজ বিদ্যুৎ তথা খোৱাপানী মেঘালয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল।এই বজাৰ খনলৈ গলে মেঘালয়ৰ আৰু অসমৰ উন্নয়নৰ প্ৰকৃত প্ৰতিচ্ছবি স্পষ্ট কৈ ওলাই পৰে অসম চৰকাৰ মাহী আইৰ দৃষ্টি থকা অসম মেঘালয় সীমান্ত ৰাইজলৈ।অসম মেঘালয়ৰ সীমান্তত থকা গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ ৰাইজে ই টি ভি ভাৰত অসমৰ আগত ব্যক্ত কৰিলে তেওলোকৰ সমস্যাৰ কথা।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.