গোৱালপাৰা, 8 জুনঃ গোৱালপাৰা জিলাৰ ধূপধৰাত সংঘটিত অঘটন ৷ নৈৰ বাঢ়নী পানীত পৰি মৃত্যু হয় এজন লোকৰ ৷ ধূপধৰাৰ খুটাবাৰীৰ ভকতপাৰাত ছেৱা নৈত পৰি মৃত্যু হয় উমেশ দাস (৪৪) নামৰ লোক গৰাকীৰ ৷ স্থানীয় ৰাইজ আৰু ধূপধাৰা আৰক্ষীয়ে নৈৰ পৰা জালেৰে উদ্ধাৰ কৰে উমেশ দাসৰ মৃতদেহটো ৷
আকক্ষীয়ে প্ৰাথমিক তদন্ত কৰি ধূপধৰা থানালৈ মৃতদেহটো নি পৰৱৰ্তী সময়ত, মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয়লৈ ৷
লগতে পঢ়কঃ নৈত সাঁতুৰিবলৈ গৈ সলিল সমাধি ছাত্ৰৰ ৷