গোৱালপাৰা,13 জুলাই : ৰাজ্যৰ সৰ্বত্ৰ বানে সংসাৰী ৰূপ ধাৰণ কৰাৰ সময়তে নগৰবেৰাৰ টুপামাৰী অঞ্চলত সংঘটিত হ'ল এক শোকাৱহ ঘটনা ৷ অঞ্চলটোৰ ৰবিউল হুছেইন নামৰ ৩০ বছৰীয়া যুৱকজন ঘৰৰ চালৰ টিনপাতত লাগি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰাত শোকাৱহভাৱে মৃত্যুক সাৱটি লয় ৷
পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত ৰবিউলক টুপামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এনে অনাকাংক্ষিত ঘটনাত শোকত ভাগি পৰিছে পৰিয়াল তথা আত্মীয়-স্বজন। ইপিনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হ'ল বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে ।