গোৱালপাৰা, 14 জুলাই: বিয়া হোৱাৰ তিনিমাহ হৈছিলহে মাত্ৰ ৷ অইন সকলৰ নিচিনা হাছিনাও বহু সপোন লৈ ওমৰ আলীৰ পুত্ৰ আলম শ্বেখৰ লগত বিয়াত বহিছিল ৷ পিছে সপোনবোৰ পূৰণ নৌহওঁতেই চীপ লোৱা অৱস্থাত উদ্ধাৰ হ’ল হাছিনা খাতুন নামৰ মহিলাগৰাকীৰ মৃতদেহ (Suicide Case in Goalpara) ৷ বুধবাৰে নিশা নবোৱাৰী হাছিনা খাতুনৰ মৃতদেহ কোঠাত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় (Newlywed bride commits suicide by hanging) ৷
গোৱালপাৰাৰ ৰাক্ষসিনী হেলাপাখৰীত ইয়াকে লৈ সৃষ্টি হৈছে উত্তেজনাৰ ৷ হাছিনাৰ পিতৃৰ পৰিয়ালে জানিব দিয়া অনুসৰি, বুধবাৰে নিশা 9 মান বজাত হাছিনাই স্বামী আলম শ্বেখৰ সৈতে মাকৰ ঘৰৰ পৰা আলহী খাই হাঁহিমুখে নিজ ঘৰলৈ উভতি গৈছিল । তাৰ পিচতে আকস্মাৎ মাজনিশা দুই মান বজাত হাছিনাই চিপ লৈ আত্মহত্যা কৰা বুলি খবৰ লাভ কৰি স্তম্ভিত হৈ পৰে হাছিনাৰ পিতৃৰ পৰিয়াল ৷
হাছিনাৰ ভাতৃয়ে সেই নিশাই হাছিনাক কোনো অজ্ঞাত কাৰণত স্বামী আৰু স্বামী পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ স্পষ্ট চিন হাছিনাৰ শৰীৰত বিদ্যামান বুলিও মন্তব্য কৰে হাছিনাৰ ভাতৃয়ে ৷ লগতে যদি হাছিনাই প্ৰকৃততে আত্মহত্যাই কৰিছিল তেন্তে পুলিচক খবৰ নিদিয়াকৈ আৰু পৰিয়ালৰ লোক গৈ নৌপাওঁতেই কিয় চিপ লোৱা অৱস্থাৰ পৰা হাছিনাৰ মৃতদেহ নমোৱা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে হাছিনাৰ পিতৃৰ পৰিয়ালে ৷
লগে লগে ঘটনাক কেন্দ্ৰ কৰি মৰনৈ আৰক্ষী থানাত ককায়েক হাছেম আলীয়ে এখন এজাহাৰ দাখিল কৰিছে । এই এজাহাৰৰ ভিত্তিতে ঘটনাস্থলীত মৰনৈ আৰক্ষী উপস্থিত হৈ মৃতদেহটো (Newlywed bride's body found) মৰণোত্তৰ পৰীক্ষা কৰিবলৈ গোৱালপাৰা চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷
ইতিমধ্যে এই ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ হাছিনাৰ মৃত্যু কেনেকৈ হ’ল ? এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াই সঠিককৈ ক’ব পৰা হোৱা নাই ৷ স্বামীৰ পৰিয়ালেও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আৰক্ষীক ৷
লগতে পঢ়ক: Private hospital obstinacy: নগাঁৱত চিকিৎসাৰ নামত ব্যক্তিগত নাৰ্ছিং হোমৰ মইমতালি