ETV Bharat / state

জলেশ্বৰত ১১ কোটি টকীয়া মথাউৰি নিৰ্মাণৰ শুভাৰম্ভণি ফণীভূষণ চৌধুৰীৰ - ব্ৰহ্মপুত্ৰ

জলেশ্বৰ চিলাৰভিটাৰ মথাউৰিটো ৬ জুলাইত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া আৰু বানৰ ফলত ছিঙি যায় । প্ৰায় এক কিল’মিটাৰ দৈৰ্ঘৰ মথাউৰি ছিঙি যোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী গাঁৱৰ ভিতৰত সোমাই প্ৰায় দুশখন গাঁও প্লাৱিত কৰে ।

MLA  Phani Bhusan Choudhury
জলেশ্বৰত ১১ কোটি টকীয়া মথাউৰিৰ নিৰ্মাণৰ শুভাৰম্ভণি ফণীভূষণ চৌধুৰীৰ
author img

By

Published : Feb 22, 2021, 11:02 PM IST

গোৱালপাৰা, 22 ফেব্ৰুৱাৰী : গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰভিটাত সোমবাৰে ১১ কোটি টকীয়া মথাউৰিৰ নিৰ্মাণৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে খাদ্য আৰু অসামৰিক বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । মথাউৰি শুভাৰম্ভৰ ফলকৰ উন্মোচন কাৰ্যসূচীত মন্ত্ৰীক সহায় কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদে । জলেশ্বৰ চিলাৰভিটাৰ মথাউৰিটো ৬ জুলাইত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া আৰু বানৰ ফলত ছিঙি যায় । প্ৰায় এক কিল’মিটাৰ দৈৰ্ঘৰ মথাউৰি ছিঙি যোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী গাঁৱৰ ভিতৰত সোমাই প্ৰায় দুশখন গাঁও প্লাৱিত কৰে । ফলত লাখ লাখ পৰিয়াল তিনিমাহ লৈ বানত ককবকাই থাকিবলগীয়া হৈছিল । আগন্তুক বৰ্ষতো জলেশ্বৰবাসী ৰাইজে বানত ডুব যাব বুলি শংকাত ভুগি থকাৰ মাজতে আজি মথাউৰিটোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হোৱাত জলেশ্বৰ, গোৱালপাৰা পশ্চিম আৰু দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে ।

MLA  Phani Bhusan Choudhury
জলেশ্বৰত ১১ কোটি টকীয়া মথাউৰিৰ নিৰ্মাণৰ শুভাৰম্ভণি ফণীভূষণ চৌধুৰীৰ

মথাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কাৰ্যসূচী উপলক্ষে চিলাৰভিটা ভগা মথাউৰিৰ কাষত এখন সভা অনুষ্ঠিত হয় । জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা গৌতম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে গোৱালপাৰা জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ছোলেমান আলীয়ে । মথাউৰিটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদে সভাত ৰাজ্য চৰকাৰ, জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : এজন জনপ্ৰতিনিধিৰ নূন্যতম যোগ্যতা কি হোৱা উচিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.