গোৱালপাৰা, 21 নৱেম্বৰ : গোৱালপাৰা জিলাৰ দুধনৈত সোমবাৰে নিশা বাইক চলাই উপস্থিত হয় পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। পথ সুৰক্ষা সজাগতাৰ অভিযান হিচাপে এই ব্যতিক্ৰমী ৰূপ মন্ত্ৰীগৰাকীৰ । ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা অনাৰ প্ৰয়াসেৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিশা বাইক চলাই উপস্থিত হয়গৈ দুধনৈত । ৰাজ্যত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা পাচঁখন জিলাৰ ভিতৰত গোৱালপাৰা জিলাও অন্যতম।
সেয়ে পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে আমিনগাওঁৰ পৰা আৰম্ভ কৰা ৰাজ্যজোৰা সজাগতামূলক বাইক ৰেলীৰ অংশ হিচাপে দুধনৈত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। পৰিবহণ মন্ত্ৰীগৰাকীৰ নেতৃত্বত পথ সুৰক্ষাৰ বাবে ৰাজ্যজুৰি উলিওৱা হয় এই বাইক ৰেলী ।
বিশ্ব স্মৃতি দিৱস উপলক্ষে এই বাইক ৰেলী মঙলবাৰে গোৱালপাৰা জিলাৰ দুধনৈৰ ফফলত অনুষ্ঠিত কৰা হয় ৷ লগতে এই দিৱসৰ উপলক্ষে দুধনৈৰ ফফলত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে ৷ এই সভাত অংশগ্ৰহণ কৰি পথ দুৰ্ঘটনাত নিহত ব্যক্তিক শ্ৰদ্ধা নিবেদি সকলোকে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আৰু গাড়ীৰ গতিবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰি নিজৰ লগতে আনৰো জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । লগতে সকলোকে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ ৰাইজ সজাগ হ’লেই দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হ’ব ৷ এই ৰেলী ৰাজ্যৰ প্ৰতিটো সমষ্টিয়ে সমষ্টিয়ে যাব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ দুৰ্ঘটনা ৰোধ কৰাক সকলো ৰাইজৰে সহযোগিতা অনিবাৰ্য ৷
উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈ গোৱালপাৰা জিলাত পথ দুৰ্ঘটনাত ২১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত সজাগতা সভাত সংগ দিয়ে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, ৰাজ্যিক বিজেপি সভানেত্ৰী টিনামণি দৈমাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি।