গোৱালপাৰা,23 এপ্ৰিল: অন্ধকাৰৰ মাজত মোবাইলৰ পোহৰতে পানী খাই বালিতে নিশা কটালে প্ৰিজাইডিং- প'লিং বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীয়ে ৷ 4 নং ধুবুৰী লোকসভা সমষ্টিৰ গোৱালপাৰা জিলাৰ 39 নং জলেশ্বৰ বিধানসভা সমষ্টিৰ অত্যন্ত দুৰ্গম অঞ্চলৰ আমতলী সুন্দৰপুৰ প্ৰথমখণ্ড ভোট কেন্দ্ৰত নাই থকা-খোৱাৰ উপযুক্ত ব্যৱস্থা ৷ এই ভোটকেন্দ্ৰটোত দুমাহ পূৰ্বে মেৰামতিৰ নামত একো নকৰিলে গোৱালপাৰা জিলা প্ৰশাসনে । এনেদৰে প্ৰিজাইডিং-প'লিং বিষয়াক বলিৰ পঠা সজাই গণতন্ত্ৰ ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিছে গোৱালপাৰাৰ নিৰ্বাচনী বিভাগে ।
উল্লেখ্য যে, অত্যন্ত দুৰ্গম অঞ্চলৰ বিশেষকৈ চৰ, পাহাৰীয়া আৰু দূৰণিবটীয়া 946 টা ভোট কেন্দ্ৰলৈ সোমবাৰে প্ৰেৰণ কৰিছে ই ভি এমসহ প্ৰিজাইডিং, প'লিং আৰু নিৰাপত্তাৰক্ষী।