গোৱালপাৰা, 14 এপ্ৰিল : গোৱালপাৰা জিলাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। জিলা খনৰ লালাবড়িত সোমবাৰে নিশা ত্ৰাস চলালে বনৰীয়া হাতীয়ে । নিশা বনৰীয়া হাতীৰ যাক এটাই ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে ঘৰৰ বিভিন্ন ধৰণৰ আচবাব । বন্যহস্তীৰ এনে উপদ্ৰৱৰ বাবে নিশাই ঘৰ এৰি পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে পৰিয়ালসমূহে । হাতীৰ বিচৰণে এতিয়া স্বাভাৱিকতে আতংকিত কৰিছে তুলিছে লালাবড়িবাসীক ।
কিন্ত, বনবিভাগে বন্য হস্তীৰ পৰা ৰাইজক নিৰাপত্তা দিয়াৰ বাবে এতিয়ালৈ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ সেয়েহে অনতিপলমে তেওঁলোকক বন্যহস্তীৰ সংঘাতৰ পৰা সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনালে ৰাইজে ।
লগতে পঢ়ক : হাতুৰীৰে কোবাই এজনক নৃশংসভাৱে হত্যা !