ETV Bharat / state

উন্নয়নৰ মূল হেঙাৰ কংগ্ৰেছঃ কুমাৰ দীপক দাস - ELECTION

ৰাজ্যৰ উন্নয়নৰ মূল হেঙাৰ হৈছে কংগ্ৰেছ ৷ কংগ্ৰেছক উৎখাত কৰিবলৈ বিজেপিৰে মিত্ৰতা কৰিছে অগপই ৷ প্ৰফুল্ল কুমাৰ মহন্ত , ফণীভূষণ চৌধুৰী আৰু CAB সন্দৰ্ভতো বৰপেটাৰ আলুপতিত সোমবাৰে মন্তব্য কৰে বৰপেট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷

কুমাৰ দীপক দাস
author img

By

Published : Apr 9, 2019, 3:10 AM IST

Updated : Apr 9, 2019, 6:01 AM IST

গোৱালপাৰা,9 মাৰ্চঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত সোমবাৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুৰ্গ খহাবলৈ বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ অসমবাসীৰ উন্নয়ন আৰু মিলাপ্ৰীতিৰ মূল হেঙাৰ কংগ্ৰেছ বুলি উল্লেখ কৰি জিলাখনৰ চেঙা আৰু বাঘবৰৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে ৷ ইপিনে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত কৰাৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত কুমাৰ দীপক দাসে কয় এয়া বিজেপিৰহে ইস্তাহাৰ, অগপৰ নহয় । অগপৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্ট কৰা হ’ব দলৰ স্থিতি ৷ অগপ পূৰ্বৰ স্থিতিত অটল থাকিব বুলিও উল্লেখ কৰে ৷ ইফালে , প্ৰফুল্ল কুমাৰ মহন্তৰ নিষ্ক্ৰিয়তা সন্দৰ্ভতো দীপক দাসে কয় এয়া দলৰ ভিতৰৰ কথা , দলে চিন্তা কৰিব ৷

কুমাৰ দীপক দাস

উল্লেখ্য যে, AIUDF ৰ সহায় সন্দৰ্ভত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় এয়া দলৰ সিদ্ধান্ত নহয় । ফণীভূষণ চৌধুৰীয়ে কি ভাবি কৈছে তেওঁহে ক’ব পাৰিব বুলি স্পষ্ট কৰে দীপক দাসে ৷ আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে অসমত 14 খন আসনৰ আটাইকেইখনতে বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলিও কয় বৰপেট সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে ৷

Slug : Nagarbera = Kumar Dipak Das.vis+byte send FTP.08.04.19

Anchor : ৰাজ্যৰ উন্নয়ণৰ মূল হেঙাৰ হৈছে কংগ্ৰেছ। কংগ্ৰেছক উৎক্ষাৎ কৰিবলৈ মিত্ৰতা কৰিছে অগপই । প্ৰফুল্ল কুমাৰ মহন্ত, ফণীভূষণ চৌধুৰী আৰু CAB সন্দৰ্ভতো কুমাৰ দীপক দাসৰ মন্তব্য বৰপেটাৰ আলোপতিত। চাওক আমাৰ এক ৰিপৰ্ট ।

V. O : কংগ্ৰেছ ইউ ডি এফৰ দুৰ্গ খহাবলৈ সোমবাৰে বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে । বৰপেটা জিলাৰ চেঙা আৰু বাঘবৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে কুমাৰ দীপক দাসে। অসমবাসীৰ উন্নয়ণ আৰু মিলাপ্ৰীতিৰ মূল হেঙাৰ হৈছে কংগ্ৰেছ। সেয়ে কংগ্ৰেছক উৎখাত কৰিব লাগে। 

V. O : ইপিনে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত কুমাৰ দীপক দাসে কয় এয়া বিজেপিৰহে ইস্তাহাৰ, অগপৰ নহয়। অগপৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্ট কৰা হব দলৰ স্থিতি। অগপৰ পূৰ্বৰ স্থিতিত অটল থাকিব দল। প্ৰফুল্ল কুমাৰ মহন্তৰ নিষ্ক্ৰিয়তা সন্দৰ্ভত কুমাৰ দীপক দাসে কয় এয়া দলৰ ভিতৰৰ কথা, গলে চিন্তা কৰিব। AIUDF সহায় সন্দৰ্ভত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় এয়া দলৰ সিদ্ধান্ত নহয়। ফণীভূষণ চৌধুৰীয়ে কি ভাবি কৈছে তেওঁহে কব পাৰিব বুলি স্থিতি স্পষ্ট কৰে কুমাৰ দীপক দাসে। 
V. O : ইপিনে নিৰ্বাচনত কেইটা আসন পাব বুলি কৰা প্ৰশ্নৰ উত্তৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে কয় ৰাজ্যৰ ১৪ খন আসনতে বিপুল ভোটৰ ব্যৱধানত জয়ী হব মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল। কুমাৰ দীপক দাসৰ এই অংক কিমান ফলিয়াই সেয়া সময়েহে কব। 
                          
Byte কুমাৰ দীপক দাস।
            
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
Last Updated : Apr 9, 2019, 6:01 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.