ETV Bharat / state

KMSS protest: ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ জলসম্পদ মন্ত্ৰীলৈ

author img

By

Published : Dec 7, 2022, 8:35 PM IST

গোৱালপাৰাত ছাত্ৰ মুক্তি-কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ (Protest by Krishak Mukti Sangram Samitee)।ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে ৭ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীলৈ ।

Krishak mukti sangram samitee protest in Goalapara
Krishak mukti sangram samitee protest: ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ জলসম্পদ মন্ত্ৰীলৈ

গোৱালপাৰা, 7 ডিচেম্বৰ: গোৱালপাৰাত ছাত্ৰ মুক্তি-কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ(Protest by Krishak mukti sangram samitee)। আজি গোৱালপাৰা জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত পৰি ভূমিহীন আৰু গৃহহীন হোৱা ৰাইজৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কাৰ্যসূচী পালন কৰা হয় । ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে ৭ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰীলৈ(Krishak mukti sangram samitee protest in Goalapara) ।

ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ জলসম্পদ মন্ত্ৰীলৈ

উল্লেখ্য যে, গোৱালপাৰা চহৰৰ পৰা শূণ্য কিলোমিটাৰ দূৰত্বত থকা ৫১ নং বলদমাৰী চৰ গাঁও পঞ্চায়তত গৰাখহনীয়াই লৈছে ভয়ঙ্কৰ ৰূপ । গৰাখহনীয়াৰ কৱলত পৰি ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ ভেঁটি মাটি উচন হোৱাৰ লগতে গৃহহীন হৈছে কেইবাহাজাৰ পৰিয়াল । ব্ৰহ্মপুত্ৰত বিলীন হৈছে কেইবাটাও শিক্ষানুষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠান । ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগে দুবাৰকৈ গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়ণ কৰিছে যদিও সামান্য পাৰকুপাইনৰ কাম কৰি দায়িত্ব সামৰিছে চৰকাৰ কিম্বা জলসম্পদ বিভাগে । সেয়েহে আজি গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত বলদমাৰী চৰৰ গৰাখহনীয়া কৱলত পৰা স্থানীয় ৰাইজৰ লগতে গোৱালপাৰা জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

গৃহহীন পৰিয়ালক সংস্থাপন প্ৰদান, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিব লাগিবই, খহনীয়াৰ কৱলত পৰা পৰিয়ালক প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰক, জলসম্পদ বিভাগ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । খহনীয়াৰ কৱলত পৰি গৃহহীন হোৱা প্ৰতিটো পৰিয়ালক কমেও এবিঘাকৈ মাটি দিয়াৰ ব্যৱস্থা কৰা, গৰাখহনীয়াৰ ফলত ভূমিহীন আৰু গৃহহীন হোৱা প্ৰতিটো পৰিয়ালৰ জৰীপ কৰি গৰাখহনীয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, ৫১ নং বলদমাৰী চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ নিজ নিজ দখলত থকা মাটি বসুন্ধৰা 2.0 জৰিয়তে পট্টা প্ৰদানৰ ব্যৱস্থা কৰা, ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আজিৰ কাৰ্যসূচীযোগে দাবী জনোৱা হয় ৷

৭ দফীয়া দাবীৰে আজি গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে গোৱালপাৰা ছাত্ৰ মুক্তি-কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Minister Piyush Hazarika) ।

লগতে পঢ়ক: Khanin Mahanta passes away: অসম আন্দোলনৰ থিংক টেংক খনিন মহন্ত আৰু নাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.