ETV Bharat / state

Cough syrup seized in Goalpara: গোৱালপাৰাত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাফ জব্দ

author img

By

Published : May 21, 2023, 3:47 PM IST

গোৱালপাৰাত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাফ জব্দ(Cough syrup seized in Goalpara) । জব্দকৃত নিষিদ্ধ কফ চিৰাফখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা । আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ যুটীয়া অভিযানত অসমৰ পাইকান-তুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে চিৰাফখিনি । তিনি সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে দুখনকৈ চাৰিচকীয়া বাহন ।

Huge quantity of banned cough syrup seized in Goalpar
গোৱালপাৰাত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাফ জব্দ

গোৱালপাৰা,২১ মে': নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীয়ে অব্য়াহত ৰাখিছে তীব্ৰ অভিযান । কৰ'বাত যদি জব্দ কৰিছে ড্ৰাগছ, আন কৰ'বাত আকৌ গাঞ্জা । জালত পৰিছে ইটোৰ পাছত সিতোকৈ সৰবৰাহকাৰী । তথাপিও আৰক্ষীৰ চকুত ধূলি দি অবাধে একাংশই চলাই গৈছে নিচাজাতীয় দ্ৰব্যৰ বেহা । নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে । গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ (Cough syrup seized in Goalpara) ।

জব্দকৃত নিষিদ্ধ কফ চিৰাপ খিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হ'ব বুলি জানিবপৰা গৈছে । আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ যুটীয়া অভিযানত অসমৰ পাইকান-তুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে চিৰাপখিনি । জিলাখনৰ পাইকান-তুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অসম-মেঘালয় সীমান্তৰ কাছুমাৰীত জব্দ কৰে বৃহৎ পৰিমাণৰ ফেন্সিডাইল কফ চিৰাপখিনি (Huge quantity of banned cough syrup seized in Goalpara) ৷

এক গোপন সূত্ৰ পমখেদি দেওবাৰে পুৱা গোৱালপাৰা জিলা উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত কৃষ্ণাই আৰক্ষী, কুকুৰকাটা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সহযোগত অভিযান চলাই এখন চিমেন্ট ভৰ্তি পিকআপ বাহনৰ পৰা কফ চিৰাপখিনি জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে যুটীয়া অভিযান চলাই পিকআপ বাহনৰ পৰা ৫০৭৫ টা ফেন্সিডাইল কফ চিৰাপৰ বটল জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰী ক্ৰমে গোৱালপাৰা আৰু ডেকধোৱাৰ ছহিদুল ইছলাম, বছিৰুদ্দিন আৰু আব্দুল ৰশিদক গ্ৰেপ্তাৰ কৰে (Three arrested with banned cough syrup) ৷

জব্দকৃত কফ চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জানিবপৰামতে AS18C2244 নম্বৰৰ পিকআপ বাহনত গোৱাপাৰাৰ পৰা মেঘালয়ৰ তুৰালৈ অতি কৌশলেৰে চিমেন্টৰ তলত লকুৱাই লৈ যোৱা অৱস্থাতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ চিৰাপখিনি ৷

লগতে পঢ়ক: Reshuffle in Assam police: অসম আৰক্ষীৰ ৮৩ উপ-পৰিদৰ্শকক বদলি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.