ETV Bharat / state

গোৱালপাৰাত 4.85 লাখ টকা জব্দ

author img

By

Published : Mar 9, 2021, 3:24 PM IST

সোমবাৰে নিশা প্ৰায় ১১ বজাত জলেশ্বৰৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী ৰফিকুল ইছলামে গুৱাহাটীৰ পৰা দলীয় টিকট লৈ সমৰ্থকৰ সৈতে ঘৰলৈ অহাৰ পথত ইছলামৰ বাহনৰ পৰা নগদ দুই লাখ টকা জব্দ কৰে আৰক্ষীয়ে ৷ আন এগৰাকী ব্যৱসায়ীৰ বাহনৰ পৰাও আৰক্ষীয়ে জব্দ কৰে দুই লাখ ৮৫ হাজাৰ নগদ ধন ৷

গোৱালপাৰাত আৰক্ষীৰ অভিযানত 4.85 লাখ টকা জব্দ

গোৱালপাৰা,9 মাৰ্চঃ সোমবাৰে নিশা গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰত আৰক্ষীয়ে তালাচী চলাই ৪.৮৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১১ বজাত জলেশ্বৰৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী ৰফিকুল ইছলামে গুৱাহাটীৰ পৰা দলীয় টিকট লৈ সমৰ্থকৰ সৈতে এএচ ১৮ ডি ১০০০ নং বাহনখনৰ সৈতে ঘৰলৈ অহাৰ সময়তে আৰক্ষীৰ এটা দলে ইছলামৰ বাহনৰ পৰা নগদ দুই লাখ টকা জব্দ কৰে ৷

একেদৰে ব্যৱসায়ী ৰোহিত জৈনৰ এএচ ১৮ জি ৮৮৭৬ নম্বৰৰ বাহনখনৰ পৰাও দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে জব্দ কৰে প্ৰায় দুই লাখ ৮৫ হাজাৰ টকা ৷ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী ৰোহিত জৈনে ভালুকডুবিত থকা পেট্ৰ’ল পাম্পৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে টকাখিনি জব্দ কৰে আৰক্ষীয়ে। নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ সময়তে এইদৰে লাখ লাখ টকা লৈ যোৱাৰ বাবেই আৰক্ষীয়ে উক্ত টকা খিনি জব্দ কৰে ব্যৱসায়ীগৰাকীৰ পৰা ।

লগতে পঢ়কঃ ৩৬ বছৰ সেৱা আগবঢ়াই কংগ্ৰেছ এৰিলে কল্যাণ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.