ETV Bharat / state

চিকিৎসকৰ গাফিলতিত প্ৰাণ গ'ল 27 দিনীয়া শিশুৰ ! - গাফিলতিৰ

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে অভিযোগ কৰে যে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ গাফিলতিৰ ফলত বহু পূৰ্বতে মৃত্যু ঘটা শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ নাটক ৰচিছিল চিকিৎসালয় কৰ্তৃপক্ষই ৷

গোৱালপাৰাৰ 200 খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়
author img

By

Published : Oct 16, 2019, 3:01 PM IST

Updated : Oct 16, 2019, 4:06 PM IST

গোৱালপাৰা,16 অক্টোবৰ: বুধবাৰে গোৱালপাৰাৰ 200 খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এক কৰুণ ঘটনা ৷ মঙলবাৰে সন্ধিয়া গোৱালপাৰাৰ দুধনৈ শান্তিপুৰৰ অজিত প্ৰসাদ উপাধ্যায় আৰু চঞ্জনা শৰ্মাৰ ২৭ দিনীয়া শিশুটিৰ অস্বাভাৱিকভাৱে পেটটো ফুলি থকা ফলত শিশুটিক পৰিয়ালৰ লোকে অসামৰিক চিকিৎসালয়খনত ভৰ্তি কৰে ৷ চিকিৎসকে শিশুটিক আই চি ইউত ভৰ্ত্তি কৰে যদিও পৰৱৰ্তী সময়ত চিকিৎসকে শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু বুধবাৰে পুৱা হঠাতে মৃত্যু ঘটে শিশুটিৰ।

27 দিনীয়া শিশুৰ মৃত্যু

শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে অভিযোগ কৰে যে,চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ গাফিলতিৰ ফলত বহু পূৰ্বতে মৃত্যু ঘটা শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ নাটক ৰচিছিল চিকিৎসালয় কৰ্তৃপক্ষই ৷ এই ঘটনাৰ পাচতে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তদন্তৰ আশ্বাস প্ৰদান কৰে। এই মূহুৰ্তলৈ অভিভাৱকে শিশুটিৰ মৃতদেহ গ্ৰহণ কৰা নাই আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াও উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে ।

Intro:Anchor :- শিশুৰ মৃত্যুকলৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত তীব্ৰ উত্তেজনা। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে নিৰাপত্তাৰক্ষীয়ে। অবিভাৱকে গ্ৰহণ কৰা নাই মৃত শিশুৰ শৱদেহ। তদন্তৰ দাবী অবিভাৱকৰ।Body:as_gol_16oct_801_goalpara_hospital_photos_wrap_7203844.

Anchor :- শিশুৰ মৃত্যুকলৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত তীব্ৰ উত্তেজনা। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে নিৰাপত্তাৰক্ষীয়ে। অবিভাৱকে গ্ৰহণ কৰা নাই মৃত শিশুৰ শৱদেহ। তদন্তৰ দাবী অবিভাৱকৰ।

V.O :- গোৱালপাৰাৰ দুধনৈ শান্তিপুৰৰ অজিত প্ৰসাদ উপাধ্যায় আৰু সঞ্জনা শৰ্মাৰ ২৭ দিনীয়া শিশুটিক কালি সন্ধিয়া দুশখন বিচনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আইচিইউত ভৰ্ত্তি কৰোৱায়। পেট ফুলি থকা বাবে শিশুটিক ভৰ্ত্তি কৰোৱা হৈছিল। সম্পূৰ্ণ সুস্থ হৈ থকা শিশুটিৰ আজি পুৱা মৃত্যু ঘটে। চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ গাফিলতিৰ বাবে মৃত্যু ঘটাৰ কাহিনী লুকুৱাবলৈ মৃত শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ চিকিৎসকে প্ৰেৰণ কৰাৰ পাছতে পৰিস্থিতি উত্তাল হৈ পৰে। এই ঘটনাৰ পাছতে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তদন্তৰ আশ্বাস প্ৰদান কৰে। এই মূহুৰ্তলৈ অবিভাৱকে শিশুটিৰ মৃতদেহ গ্ৰহণ কৰা নাই আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াও উপস্থিত হোৱা নাই।

Byte:- Gurdian

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।Conclusion:Byte:- Gurdian

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
Last Updated : Oct 16, 2019, 4:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.