গোৱালপাৰা,16 ডিচেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত খলিছা ভিটাত সৰ্বেশ আলী নামৰ লোকজনৰ বাসগৃহত গ্ৰেণেড বিস্ফোৰণ ৷ ঘটনাত গুৰুতৰভাৱে আহত সৰ্বেশ আলী আৰু তেখেতৰ পত্নী অঞ্জু মনোৱাৰা খাতুন ৷ নিশাই ঘটনাস্থলীত লক্ষীপুৰ আৰু ধুমেৰঘাট আৰক্ষীৰ উপস্থিত হৈ এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ আহত দুয়োগৰাকীয়ে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও জিলাখনত জেহাদী সদস্যক আটক কৰিছিল আৰক্ষীয়ে ৷ লক্ষণীয়ভাৱে এনেধৰণৰ পৰিস্থিতিৰ মাজতে এজন সাধাৰণ ব্যৱসায়ীৰ ঘৰলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপৰ ঘটনাই বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ৷ এই ঘটনাৰে প্ৰকৃততে কোনো জেহাদী জড়িত হৈ আছে নে নাই সেই সন্দৰ্ভত আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিক সকলো কথা ৷