গোৱালপাৰা, 20 আগষ্টঃ মহামাৰী কৰ'ণাই মাধমাৰ মাৰিছে ৰাজ্যৰ অন্তৰ্গত কেবাটাও উদ্যোগত ৷ বিপৰ্যয় নামিছে গোৱালপাৰাস্থিত ডুবাপৰাৰ পাটি উদ্যোগলৈ ৷ অঞ্চলটোৰ প্ৰায় শতাধিক পৰিয়ালে এই উদ্যোগটোৰ জৰিয়তে নিজ-নিজ পৰিয়ালক পোহ-পাল দি আহিছে ৷ বিশেষকৈ ডুবাপাৰাৰ পুৰুষ-মহিলা উভয়ে এই বৃত্তিটোৰ সৈতে জড়িত ৷ দিনে-নিশাই পাতি তৈয়াৰ কৰি পেট পোহ-পাল দিছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়কঃ কলিয়াবৰৰ শিশু বিদ্যাপীঠৰ অনলাইন পাঠদানলৈ ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সহাৰি
কিন্তু ক্ৰমাৎ উপায়হীন হৈ পৰিছে পৰিয়াল কেইটা ৷ পাটী তৈয়াৰ কৰিও লকডাউন আৰু কোভিড ১৯ ৰ বাবে উচিত মূল্য নোপোৱাত হতাশ হৈ পৰিছে পাটী প্ৰস্তুত কৰা লোকসকল । একো একোটা পাটী তৈয়াৰ কৰোতে 1000 তকৈ অধিক টকা খৰচ হয় যদিও বৰ্তমানৰ পৰিস্থিতিৰ বাবেই বজাৰতো যাব নোৱাৰে পাটী ব্যৱসায়ী সকল। ফলত ঘৰৰ সন্মুখতে দোকান দি ৫০০ ৰ পৰা ৬০০ টকাকৈ একোটা পাটী বিক্ৰী কৰিবলগীয়া হৈছে ।
কেতিয়াবা দিনটোত এটাও পাটী বিক্ৰী কৰিব নোৱাৰাৰ ফলত হতাশত ভুগিছে পাটী ব্যৱসায়ী সকল । সম্প্ৰতি কোভিড-১৯ ৰ আতংকৰ বাবেই অতি কষ্টৰে তৈয়াৰ কৰা পাটীৰ উপযুক্ত দাম নাপাই হতাশ হৈ পৰিছে শ্ৰমিক সকল । চৰকাৰেও এই অঞ্চলটোৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷ বৃহত্তৰ লোকৰ স্বাৰ্থৰ খাতিৰত অতি শীঘ্ৰে গোৱালপাৰা ডুবাপৰাৰ পাটী উদ্যোগৰ সৈতে জড়িত শিল্পীসকলৰ প্ৰতি চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাই পাটী শিল্পীসকলে।
লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন