গোৱালপাৰা, 21 নৱেম্বৰ: বৃহস্পতিবাৰে গোৱালপাৰা জিলা ন্যায়ালয়ৰ সভাকক্ষত অনুষ্ঠিত হল যৌন নিৰ্যাতন বিষয়ত এক সজাগতা সভাৰ ৷ জিলাখনৰ সাধাৰণ জনতা,সাংবাদিক আৰু আৰক্ষীক লগত লৈ এই গুৰুত্বপূৰ্ণ সজাগতা সভাৰ আয়োজন কৰে জিলা ন্যায়ালয়ৰ দণ্ডাধীশ আৰু অধিবক্তাসকলে ৷ এই সজাগতা সভা যোগে আয়োজক সকলে যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাৰ বিষয়ে উপস্থিত ৰাইজত অৱগত কৰে ৷ এই সভাই যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ নাম ৰাজহুৱা নকৰিবলৈ উপস্থিত ৰাইজ,সাংবাদিক তথা আৰক্ষীক আহ্বান জনাই ৷ ইফালে নাম ৰাজহুৱা কৰিলে সমাজৰ পৰা প্ৰতাৰিত বা নিৰ্যাতিত হোৱাৰ আশংকাতে ন্যায়ালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাইজক জনাই আয়োজক অধিবক্তা সকলে ৷ এই সভা যোগে নিজৰ মতামত দাঙি দৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ দায়িত্বত থকা দণ্ডাধীশ আৰু অধিবক্তাসকলে ৷ সভাৰ শেষত যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ নাম,ঠিকনা,বংশ পৰিচয় উপস্থিত সকলোকে ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাই দণ্ডাধীশ আৰু অধিবক্তা সকলে কয় যে এইদৰে তথ্য ৰাজহুৱা কৰাতো আইনৰ দৃষ্টিত এক অক্ষমনীয় অপৰাধ ৷
গোৱালপাৰাত যৌন নিৰ্যাতন বিষয়ত সজাগতমূলক সভা - goalpara-awareness-camp-on-molestation-and -sexual-harrasment
সাধাৰণ ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখি গোৱালপাৰা ন্যায়িক আদালতৰ দণ্ডাধীশ আৰু অধিবক্তাই আয়োজন কৰিলে এই সজাগতা সভাৰ ৷
গোৱালপাৰা, 21 নৱেম্বৰ: বৃহস্পতিবাৰে গোৱালপাৰা জিলা ন্যায়ালয়ৰ সভাকক্ষত অনুষ্ঠিত হল যৌন নিৰ্যাতন বিষয়ত এক সজাগতা সভাৰ ৷ জিলাখনৰ সাধাৰণ জনতা,সাংবাদিক আৰু আৰক্ষীক লগত লৈ এই গুৰুত্বপূৰ্ণ সজাগতা সভাৰ আয়োজন কৰে জিলা ন্যায়ালয়ৰ দণ্ডাধীশ আৰু অধিবক্তাসকলে ৷ এই সজাগতা সভা যোগে আয়োজক সকলে যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাৰ বিষয়ে উপস্থিত ৰাইজত অৱগত কৰে ৷ এই সভাই যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ নাম ৰাজহুৱা নকৰিবলৈ উপস্থিত ৰাইজ,সাংবাদিক তথা আৰক্ষীক আহ্বান জনাই ৷ ইফালে নাম ৰাজহুৱা কৰিলে সমাজৰ পৰা প্ৰতাৰিত বা নিৰ্যাতিত হোৱাৰ আশংকাতে ন্যায়ালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাইজক জনাই আয়োজক অধিবক্তা সকলে ৷ এই সভা যোগে নিজৰ মতামত দাঙি দৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ দায়িত্বত থকা দণ্ডাধীশ আৰু অধিবক্তাসকলে ৷ সভাৰ শেষত যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ নাম,ঠিকনা,বংশ পৰিচয় উপস্থিত সকলোকে ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাই দণ্ডাধীশ আৰু অধিবক্তা সকলে কয় যে এইদৰে তথ্য ৰাজহুৱা কৰাতো আইনৰ দৃষ্টিত এক অক্ষমনীয় অপৰাধ ৷
VO:-যৌন নিৰ্যাতন ৰ বলি হোৱা ভুক্তভোগীৰ নাম ৰাজহুৱা কৰা অনুচিত।সমাজৰ পৰা প্ৰতাড়িত বা নিৰ্যাতনৰ বলি হোৱা ৰ আশংকাতে এই পদক্ষেপ গ্ৰহণ কৰিছে ন্যায়ালয়ে।এই সন্দৰ্ভত সাধাৰণ জনতা, আৰু সাংবাদিক আৰক্ষী ৰ লোকসকলৈ গোৱালপাৰা ন্যায়িক আদালত ভৱনৰ সভা কক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা।এই খন সভাত গুৰুত্বপূৰ্ণ ভাষা প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ দায়িত্বত থকা দণ্ডাধীশ আৰু অধিবক্তা সকলে।সভাত যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ নাম, ঠিকনা,বংশ পৰিচয় ৰাজহুৱা কৰাটো অপৰাধ হিচাপে গণ্য কৰা হয়।
গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।