ETV Bharat / state

Illegal hunting of Birds In Goalpara: গোৱালপাৰাত বগৰী খেতি ৰক্ষাৰ নামত চলিছে পক্ষী নিধনৰ ভয়ংকৰ কৌশল

author img

By

Published : Feb 16, 2023, 4:37 PM IST

পক্ষী নিধনৰ কৌশল ৰচনাকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈছে গোৱালপাৰা বন বিভাগ । গোৱালপাৰাৰ একাংশ গাঁওবাসীয়ে বগৰী খেতিৰ নামত কৌশলেৰে বিভিন্ন প্ৰজাতিৰ পক্ষী নিধন কৰি মাংস ভক্ষণ কৰাৰ অভিযোগ বন বিষয়াৰ (Illegal Hunting of Birds In Goalpara) । এই খেতিয়কসকলৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা লোৱাৰ দাবী লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ ৷

Illegal Hunting of Birds In Goalpara
গোৱালপাৰাত বগৰী খেতি ৰক্ষাৰ নামত চলিছে পক্ষী নিধনৰ ভয়ংকৰ কৌশল

গোৱালপাৰা, ১৬ ফেব্ৰুৱাৰী: গোৱালপাৰা জিলাৰ লক্ষীপুৰত পক্ষী নিধনৰ ভয়ংকৰ কৌশল একাংশ গঞাৰ । বগৰী খেতি ৰক্ষাৰ নামত একাংশ গঞা খেতিয়কে অঞ্চলটোত আৰম্ভ কৰিছে পক্ষী নিধন যজ্ঞ ৷ জিলাখনৰ লক্ষীপুৰৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে অবিৰত অভিযান অব্যাহত ৰখাৰ মাজতে পোহৰলৈ আহিছে পক্ষী নিধনৰ এই ভয়ংকৰ ঘটনা (Illegal Hunting of Birds In Goalpara)।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত টাকিমাৰী, ৰংচাই আৰু গৌৰনগৰত একাংশ খেতিয়কে উন্নত জাতৰ বগৰী খেতি কৰাৰ নামত সংঘটিত কৰিছে পক্ষী নিধনৰ এই ভয়ংকৰ ঘটনা । বগৰী খেতি ৰক্ষাৰ নামত তেওঁলোকে জালেৰে (নেট) নিধন কৰিছে বিভিন্ন প্ৰজাতিৰ পক্ষী (Bird trapping with nets) । এই পক্ষীবোৰ নিধন কৰি দুষ্ট চক্ৰই মাংস ভক্ষণ কৰি আহিছে বুলিও সংবাদমেল পাতি অভিযোগ উত্থাপন কৰিছে আঞ্চলিক বনবিষয়া ধ্ৰুৱ দত্তই (Lakhipur Regional Forest Officer Dhruv Dutta)।

আঞ্চলিক বনবিষয়া ধ্ৰুৱ দত্তই সদৰী কৰা মতে, একাংশ খেতিয়কে ফাৰ্ম পাতি কৰা বগৰী খেতিসমূহ পক্ষীয়ে ভক্ষণ কৰিব নোৱাৰাকৈ ওপৰত জাল পতাৰ নামত এই পক্ষীসমূহ নিধন কৰি আহিছে ৷ বিশেষকৈ নিশাৰ সময়ত এই পক্ষীসমূহ আৱদ্ধ হয় জালত ৷ জালত বন্দী হোৱা পক্ষীসমূহ তেওঁলোকে ভক্ষণো কৰি আহিছে ৷ আনহাতে, ভক্ষণ নকৰা পক্ষীসমূহ জালত আৱদ্ধ হৈ অকাল মৃত্যুক আঁকোৱালি লয় (Bird Hunting in Assam) ৷

লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে অবিৰত অভিযান অব্যাহত ৰখাৰ সময়তে এই ঘটনা তেওঁৰ দৃষ্টি গোচৰ হয় ৷ ইয়াৰ পাছত তেওঁ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা সমগ্ৰ ঘটনা তেওঁৰ ওচৰত স্পষ্ট হৈ পৰে ৷ তেওঁ লগে লগে জিলাখনৰ বিভিন্ন ঠাইত ইয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ এই অভিযানৰ সময়ত তেওঁ পক্ষী নিধন কৰা কেইবাখনো জাল (নেট) জব্দ কৰিছে (Illegal hunting of migratory birds) ।

বন বিভাগে জব্দ কৰা জালসমূহত লাগি আছে ভিন্ন প্ৰজাতিৰ পক্ষীৰ মৃতদেহ । ধ্ৰুৱ দত্তই জনোৱা মতে একাংশ খেতিয়কে বগৰী খেতিৰ নামত কৰা এনেকুৱা পক্ষী নিধন কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ৷ তেওঁ এই খেতিয়কসকলৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে ৷ লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই বগৰী খেতি ৰক্ষাৰ নামত কৰা পক্ষী নিধন যজ্ঞ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক: Illegal hunting of migratory birds : বৰছলা বিলত আৰম্ভ পক্ষী নিধন যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.