ETV Bharat / state

ভূমিকম্পৰ ফলত এটা পুখুৰীৰ অস্বাভাৱিক ৰূপ

ৰাজ্যত বুধবাৰে পুৱাৰ ভাগত অহা ভূমিকম্প (Earthquake)ৰ মূল অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৷ এই ভূমিকম্পৰ ফলত লক্ষীপুৰৰ জয়পুৰ বজাৰৰ এটা পুখুৰীৰ পানীত বুৰবুৰণিৰ সৃষ্টি হোৱাৰ লগতে পুখুৰীৰ পানীখিনি উতলি উঠে ৷ ঘটনাক লৈ আতংকিত হৈ পৰে অঞ্চলবাসী ৷

earthquake-is-lakhipur
ভূমিকম্পৰ ফলত পুখুৰীৰ অস্বাভাৱিক ৰূপ
author img

By

Published : Jul 8, 2021, 8:02 AM IST

গোৱালপাৰা, 8 জুলাই : বুধবাৰে পুৱাৰ ভাগত পুনৰ ৰাজ্য জোকাৰি গ’ল এক ভূমিকম্পই ৷ পুৱা প্ৰায় 8.45 বজাত ৰাজ্যত পুনৰ অনুভুত হয় ভূমিকম্প (Earthquake)ৰ জোকাৰণি ৷ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ পশ্চিম বিধানসভা সমষ্টিৰ লক্ষীপুৰৰ পৰা 8 কিল’মিটাৰ আৰু গোৱালপাৰা চহৰৰ পৰা 10 কিল’মিটাৰ নিলগৰ জয়পুৰ-খৰমুজা অঞ্চল । ভূমিকম্পৰ ফলত লক্ষীপুৰৰ জয়পুৰ বজাৰৰ এটা পুখুৰীত দেখা যায় এক অস্বাভাৱিক দৃশ্য ৷

পুখুৰীটোৰ পানীত বুৰবুৰণি সদৃশ পৰিলক্ষিত হোৱাৰ লগতে পুখুৰীৰ পানীখিনি উতলি উঠাৰ লেখীয়া হৈ পৰে ৷ এই অস্বাভাৱিক দৃশ্যই আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ জোকাৰণি অনুভূত হোৱাৰ পাচতে আতংকিত ৰাইজে ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহে । অঞ্চলটোৰ বহুলোকৰ বাসগৃহৰ বয়-বস্তু বাগৰি পৰাৰ লগতে বহু লোকৰ বাসগৃহত মেলিছে ফাঁট ।

ভূমিকম্পৰ ফলত পুখুৰীৰ অস্বাভাৱিক ৰূপ

গেলামাল-ফাৰ্মাচী আদি ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী বাগৰি পৰাও পৰিলক্ষিত হৈছে ৷ আনহাতে, চহৰখনৰ এটা অট্টালিকাত মেলিছে বৃহৎ ফাঁট ৷ ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভত বুজ লোৱাৰ গোৱালপাৰা জিলা উপায়ুক্তই দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে বিভিন্ন বিভাগৰ জৰিয়তে পৰ্যবেক্ষণ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে ৷

অৱশ্যে ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ বৰ্তমানলৈকে লাভ কৰা নাই ৷ বিগত 28 এপ্ৰিলৰ পুৱাৰ ভাগত 7 বাজি 51 মিনিট 25 ছেকেণ্ডত ৰিখটাৰ স্কেলত 6.7 প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলী । ভূমিকম্পৰ ফলত শোণিতপুৰ জিলাৰ এই অঞ্চলৰ পৰা মাটি ফাঁট মেলি পানী ওলোৱাৰ তথ্য পোৱা গৈছিল ৷

ইয়াৰ উপৰিও ভূমিকম্পৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি সাধন হৈছিল । গুৱাহাটীৰ বহু অট্টালিকাত ফাঁট মেলা পৰিলক্ষিত হৈছিল । প্ৰৱল জোকাৰণিৰ পাচতো ক্ৰমান্বয়ে কেইবাটাও মৃদু জোকাৰণি অনুভূত হৈছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত । বুধবাৰৰ ভূমিকম্পটোৰ পূৰ্বে 19 জুনৰ পুৱতি নিশা 4.2 প্ৰাবল্যৰ এটি ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছিল ৰাজ্যবাসীয়ে ৷

লগতে পঢ়ক : 5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.