গোৱালপাৰা, 2 ডিচেম্বৰ : বুধবাৰে নিশা গোৱালপাৰা জিলাৰ লখিপুৰৰ চৈৰাবাৰী অঞ্চলত প্ৰৱেশ কৰা এটি বনৰীয়া হাতীৰ জাকৰ পোৱালীসহ 5 টাকৈ হাতী এটি দ' পুখুৰীত আৱদ্ধ হৈ পৰিছিল(Five elephants saved after getting stuck in muddy pond in Goalpara) ৷ ফলত বৃহস্পতিবাৰৰ দিনৰ ভাগলৈকে পুখুৰীটোৰ বোকাত আৱদ্ধ হৈ পৰিছিল এই হাতীকেইটা ৷
এই বিষয়ে স্থানীয় ৰাইজে অৱগত হোৱাৰ পাছতে স্থানীয় আৰক্ষীৰ লগতে বন বিভাগক খবৰ দিয়ে ৷ ইয়াৰ পিছতে আৰক্ষীৰ আৰু বন বিভাগৰ দলটোৱে অঞ্চলটোৰ দ' পুখুৰীটোত আৱদ্ধ হৈ থকা হাতীকেইটাক উদ্ধাৰ কৰি কাষৰীয়া বনাঞ্চললৈ খেদি পঠিয়াই ৷
উল্লেখ্য যে বিগত এটা সপ্তাহে প্ৰায় 40 টাকৈ বনৰীয়া হাতীৰ এটা জাকে লখিপুৰ চৈৰাবাৰী অঞ্চলত প্ৰৱেশ কৰি বহু কৃষি ভূমি নষ্ট কৰাৰ লগতে পকা ধান খাই কৰিছে তহিলং ৷ ফলত আতংকত ভোগাৰ লগতে বন্যহস্তীৰ এই উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে চৈৰাবাৰীবাসী ৰাইজ ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে, বুধবাৰে নিশাও চৈৰাবাৰী গাঁৱত এটি বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি গাঁওখনৰ কেইবাটাৱও বাসগৃহ ভাঙি পেলায় । ঘৰ-দুৱাৰ ভাঙি গাঁওখনৰ পৰা হাতীৰ জাকটোৱে ওলাই অহাৰ সময়তে এটা দ' পুখুৰীত আৱদ্ধ হৈ পৰিছিল পোৱালী সহিতে 5টাকৈ হাতী । লগতে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, নিশাৰ ভাগতে বন বিভাগক খবৰ দিয়া হৈছিল যদিও বনবিভাগৰ লোক পুৱাৰ ভাগতহে উপস্থিত হয় সেই স্থানত ।
লগতে পঢ়ক : Human-Elephant Conflict : কাক'জান বনাঞ্চলত উদ্ধাৰ হাতীৰ মৃতদেহ