ETV Bharat / state

ধাননি পথাৰত উদ্ধাৰ এটা বনৰীয়া হাতীৰ মৃতদেহ - কিছুদিনৰ পৰা আশ্ৰয় লৈ আছে

মঙলবাৰৰ পুৱতি নিশা এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । মঙলবাৰে পুৱা গেন্দ্ৰা পাৰাৰ ধাননি পথাৰৰ মাজত উদ্ধাৰ হয় এই হাতাটোৰ মৃত দেহ ।

elephant_death at goalpara
খেতিপথাৰত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Nov 24, 2020, 6:44 PM IST

গোৱালপাৰা, 24 নৱেম্বৰঃ গোৱালপাৰা জিলাৰ ভালুকডুবিৰ অতি ভিতৰুৱা অঞ্চল গেন্দ্ৰাপাৰাত মঙলবাৰৰ পুৱতি নিশা এটা বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । মঙলবাৰে পুৱা গেন্দ্ৰা পাৰাৰ ধাননি পথাৰৰ মাজত উদ্ধাৰ হয় এই হাতাটোৰ মৃতদেহ ।

স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, গোৱালপাৰা আগিয়া থানাৰ অন্তৰ্গত কল্যানপুৰ, শলমাৰী, আগিয়া, কুৰুৱাভাষা আদি অঞ্চলত মেঘালয়ৰ পৰা অহা প্ৰায় 20 টা হাতীৰ এটা জাকে কিছুদিনৰ পৰা আশ্ৰয় লৈ আছেহি । লগতে এই হাতীৰ জাকটোৱে খাদ্য সন্ধানত বিগত দুমাহ ধৰি উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত ৷ কিয়নো বনৰীয়া হাতীৰ এই জাকটোৱে জনাঞ্চললৈ ওলাই আহি শালি ধানৰ পথাৰ সমূহ তহিলং কৰাৰ কথা জনালে স্থানীয় ৰাইজে ।

ইফালে গোৱালপাৰা আঞ্চলিক বন বিষয়া শান্তনা মেধি আৰু পশু চিকিৎসা বিষয়াৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ এই কৰুণ ঘটনাটোৰ স়ন্দৰ্ভত বুজ লয় । উল্লেখ্য যে, বিদ্যুৎ পৰিবাহী তাৰত লাগি হাটীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.