গোৱালপাৰা,2 নৱেম্বৰ: গোৱালপাৰা জিলাৰ ৰংজুলি ৰেঞ্জৰ অধীনৰ বিভিন্ন অঞ্চলত লাডেন ন নামৰ বনৰীয়া হাতীটোৰ সন্ত্ৰাস চলি থকাৰ মাজতে শনিবাৰে পুৱাই কাণকাটাত উদ্ধাৰ হয় এটা হাতী পোৱালীৰ মৃতদেহ ৷ কন্যাকুছি শালজাৰত গাঁতত পৰি থকা অৱস্থাত মৃত হাতী পোৱালীটোক দেখি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৰংজুলি ৰেঞ্জৰ বন কৰ্মীৰ দল ৷ ৰংজুলি ৰেঞ্জৰ ৰেঞ্জাৰে ব্যক্ত কৰা অনুসৰি হাতীৰ জাকৰ পৰা হঠাৎ গাঁতত পিছলি পৰাৰ পিছত হাতীৰ গচকতে মৃত্যু হয় হাতী পোৱালীটোৰ ৷ ইপিনে মঙলবাৰে লাডেন নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত গোৱালপাৰাৰ মাটিয়াত পাঁচজনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ চাৰিদিন পাছতো ট্ৰেংকুলাইজ কৰিব পৰা নাই হাতীটোক ৷ বন বিভাগৰ বৃহৎ দল এটাই ড্ৰোণ কেমেৰা আৰু মানসৰ পৰা হাতী আনি লাডেনৰ সন্ধানত অভিযান চলাইছে যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই লাডেনৰ ৷ বন বিভাগৰ এনে ব্যৰ্থতাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ,লাডেনক ট্ৰেংকুলাইজ কৰাৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণে ব্যৱস্থা লোৱা নাই বন বিভাগে।
উল্লেখ্য যে বনৰীয়া হাতীৰ বৃহৎ জাক আৰু লাডেনৰ অৱস্থিতিয়ে আতংকিত কৰি ৰাখিছে কাণকাটা,কাহিবাৰী,জিয়াগুৰী,ছাতাবাৰী, খেৰোপাৰাকে ধৰি কেবাখন গাঁওৰ শ শ লোকক ৷ নিশা হ'লেই ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলে মহিলা শিশু সকলে ৷ আতংক আৰু দুঃচিন্তাত থকা গাঁওৰ পুৰুষসকলে ওৰে নিশা পহৰা দিয়ে হাতীৰ জাকক ৷ স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে লাডেনক ট্ৰেংকুলাইজ কৰাৰ লগতে কন্যাকুছি বনাঞ্চলত থিতাপি লোৱা বন্যহস্তীৰ জাকটোক খেদি পঠিয়াওক বন বিভাগে ৷ জীয়াই থকাৰ বাবে ন্যূনতম নিৰাপত্তাখিনি প্ৰদান কৰক বনবিভাগে ৷
লগতে চাওকঃ তেজপুৰত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি এটা পৰিয়াল : আহত তিনি