ETV Bharat / state

কংগ্ৰেছে ধৰ্মক লৈ ৰাজনীতি কৰে - সৰ্বানন্দ সোণোৱাল

নিৰ্বাচনী প্ৰচাৰ সভাত অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক বিভাজিত কৰি ৰাজনৈতিক সুবিধা আদায় কৰাই কংগ্ৰেছৰ প্ৰধান লক্ষ্য বুলি কটাক্ষ সৰ্বানন্দ সোণোৱালৰ ৷

author img

By

Published : Apr 22, 2019, 3:51 AM IST

কংগ্ৰেছে ধৰ্মক লৈ ৰাজনীতি কৰে - সৰ্বানন্দ সোণোৱাল

নগৰবেৰা, 22 এপ্ৰিল: ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বৰপেটাৰ চৰাঞ্চলত । দেওবাৰে হেলিকপ্টাৰ যোগে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় বৰপেটাৰ বাঘমাৰা চৰত । বৰপেটাৰ চৰাঞ্চলত প্ৰথমবাৰলৈ আহি কি কলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে?

  • ৰাজ্যৰ সকলো ধৰ্মাৱলম্বী লোকক মিলা-প্ৰীতি আৰু সমন্বয়েৰে আগুৱাই যাবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সকলো জাতি-জনগোষ্ঠীৰ লোক একেলগ হৈ থাকিলে পৃথিৱীৰ কোনো শক্তিয়ে অসমক হেয় কৰিব নোৱাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
  • বিভাজনৰ ৰাজনীতি কৰে কংগ্ৰেছে । অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক বিভাজিত কৰি ৰাজনৈতিক সুবিধা আদায় কৰাই কংগ্ৰেছৰ প্ৰধান লক্ষ্য বুলি কটাক্ষ সৰ্বানন্দ সোণোৱালৰ ৷
  • ধৰ্মক লৈ কেতিয়াও বিজেপিয়ে ৰাজনীতি নকৰে । এই নিকৃষ্ট ৰাজনীতি কৰে কংগ্ৰেছে ৷
  • অসমত কংগ্ৰেছৰ শাসনত ডি ভোটৰ জন্ম হৈছিল আৰু এই ডি ভোটাৰক লৈয়েই এতিয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৰাজনীতি কৰিছে । কংগ্ৰেছ আৰু এ আই ইউ ডি এফে অসমৰ সংখ্যালঘু লোকক লৈ ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে ।
  • বিজেপি চৰকাৰৰ দিনত সুপৰিকল্পিতভাৱে চলি আছে এন আৰ চিৰ কাম । দেশৰ সকলো নাগৰিকৰ সম উন্নয়ণ আৰু বিকাশ সাধন কৰাই হ'ল বিজেপিৰ মূল উদ্দেশ্য । ধৰ্মৰ নামত বিজেপিয়ে কেতিয়াও আঁচনি ৰূপায়ণ নকৰে । যি কাম বিগত দিনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক দলবোৰে কৰি আহিছে ৷

সভাত অসমৰ চৰাঞ্চলৰ উন্নয়ণ বহু পিচুৱাই আছে বুলি কৈ চৰাঞ্চলৰ উন্নয়ণ বিশেষকৈ শিক্ষা ব্যৱস্থাৰ উন্নয়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 1000 কোটি দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সভাত কৃষি মন্ত্ৰী অতুল বৰা, অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতা, জ্যোতি প্ৰসাদ দাস, বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আব্দুল বাৰিক প্ৰমুখ্যে কেবাজনো নেতা উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.