গোৱালপাৰা, ১অক্টোবৰ: গোৱালপাৰা জিলাৰ ধূপধৰাৰ কোঠাকুঠিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় এখন চুইফট ডিজায়াৰ বাহন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰোগী কঢ়িয়াই নিছিল বাহনখনে। বিলাসীপাৰাৰ নুৰবানু বিবি নামৰ এগৰাকী মহিলাৰ অস্ত্ৰোপচাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈ আছিল।
কোঠাকুঠিত এটি মন্দিৰ দানপাত্ৰত খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত চাহেবা বিবি, নুৰবানু বিবি, আহমাদ আলী আৰু মমিনুৰ ইছলাম নামৰ ৪জন লোক আহত হয়। আটাইকে উদ্ধাৰ কৰি ধূপধৰা আৰক্ষীয়ে চিকিৎসাৰ বাবে ৰংজুলিলৈ প্ৰেৰণ কৰে। আনহাতে আহত নুৰবানু বিবিৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
লগতে পঢ়ক : যাত্ৰা: বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ