ETV Bharat / state

Jonali Nath Murder case: ধৰ্ষণ কৰা নাছিল জোনালী নাথক- ভৱেশ কলিতা - crime news

মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট মতে, তেওঁক কেবল‌ হত্যা কৰা হৈছে, ধৰ্ষণ কৰা হোৱা নাই - ভৱেশ কলিতা

Jonali Nath Murder case
ধৰ্ষণ কৰা নাছিল জোনালী নাথক- ভৱেশ কলিতা
author img

By

Published : Jun 12, 2023, 8:43 PM IST

ধৰ্ষণ কৰা নাছিল জোনালী নাথক- ভৱেশ কলিতা

গোৱালপাৰা, 12 জুন : ৰাজ্যত ইটোৰ পিচত হত্যাকাণ্ডৰ ঘটনা ৷ প্ৰতিদিনে মৃত্যুৰ বাতৰি এতিয়া তেনেই সুলভ ৰাজ্যত ৷ দেওবাৰে নিশা গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যা জোনালী নাথক হত্যা কৰি পেলাই থৈ যোৱা ঘটনাই জিলাখনৰ লগতে ৰাজনৈতিক মহলতো জোকাৰি গৈছে ৷

কৃষ্ণাই আৰক্ষীয়ে নিশা প্ৰায় 9 বজাত কৃষ্ণাইৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জোনালী নাথৰ মৃতদেহ উবুৰি খাই পৰি থকা অৱস্থাত উদ্ধাৰ কৰাৰ পাচতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ বিজেপি নেত্ৰীগৰাকীক কোনে কি কাৰণত এইদৰে পৰিকল্পিতভাৱে হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইথপৰ দাঁতিত পেলাই থৈ গ’ল সেয়া ৰহস্যৰ আৱৰ্তত ৷ গোৱালপাৰা আৰক্ষীয়ে অদ্যপি এই বিষয়ে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই‌। অৱশ্যে আৰক্ষীয়ে এই ‌হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাৰ পিচতে আৰক্ষীয়ে মাটিয়া অঞ্চলৰ ইছলামপুৰৰ মকবুল হুছেইন নামৰ এগৰাকী চাহ দোকানীক প্ৰাৰম্ভিক সোধা-পোছাৰ বাবে আটক কৰিছে। উল্লেখ্য যে, বিজেপি নেত্ৰী জোনালী নাথ এগৰাকী নিষ্ঠাবান সক্ৰিয় কৰ্মীৰ লগতে অমায়িক মহিলা আছিল। তেওঁ মহিলাসকলৰ আত্মসহায়ক বিত্তীয় গোট এটাও চলাই আছিল।এই গোটটোৰে তেওঁ বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ী আৰু বিপদত পৰা দৰিদ্ৰ লোকক আৰ্থিক সকাহ দি আহিছিল।

তেওঁৰ ভাতৃ লক্ষেশ্বৰ নাথে এই হত্যাকাণ্ডক ৰাজনৈতিক হত্যাকাণ্ড বুলি দাবী কৰি দোষীক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে। জোনালী বুলি ক'লে সকলোৰে প্ৰিয়। তেওঁ পূৰ্বতে পঞ্চায়ত নিৰ্বাচনত মাটিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পদত দলীয় টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি থিৰাং কৰিছিল। এই পৰিকল্পনাৰে তেওঁ বিভিন্ন দলীয় সভা-সমিতি কৰি ঘূৰি ফুৰে।

তেওঁৰ ভগ্নী ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি ভাতৃ লক্ষেশ্বৰ নাথে দাবী কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। ভাতৃ নাথে সংবাদ মাধ্যমক জানিব দিয়া মতে, দেওবাৰে পুৱা জোনালী নাথে গোৱালপাৰা চহৰত অনুষ্ঠিত এখন দলীয় সভাত অংশ লৈ বিয়লি আঢ়ৈমান বজাত ঘৰ সোমায়। মাটিয়া অঞ্চলৰ ইছলামপুৰ-গাৰোমাৰিলৈ যাওঁ বুলি বিয়লি চাৰে চাৰিমান বজাত ঘৰৰ পৰা ওলাই আহে। ইছলামপুৰৰ একাংশ প্ৰত্যক্ষদৰ্শী লোকৰ ভাষ্য অনুসৰি সন্ধিয়া পাঁচ/ চাৰে পাঁচমান বজাত ইছলামপুৰৰ মকবুল ইছলাম নামৰ লোকজনৰ চাহ দোকানত জোনালী নাথে দুগৰাকীমান লোকৰ সৈতে বহে। দোকানত লোক এগৰাকীক বিশ হেজাৰ টকাও দিয়ে আত্মসহায়ক গোটৰ হৈ।

চাহ দোকানী মকবুল‌ হুছেইনৰ পুত্ৰ জয়নাল আবেদিনে সাংবাদিকে জানিব দিয়া মতে, সেই সময়ত জোনালী নাথৰ মোবাইলত উপৰ্যুপৰি ফোন আহিছিল। টকাটো দিয়েই তেওঁ হোটেলৰ পৰা ওলাই গৈছিল।

ইপিনে সন্ধিয়া প্ৰায় ৭ বজাত জোনালী মাটিয়াস্থ নিজ ঘৰ গৈ নোপাৱাত স্বামী চন্দ্ৰ নাথে উদগ্ৰীৱ হৈ ফোন কৰে যদিও জোনালীয়ে ফোন উঠোৱা নাছিল।পৰৱৰ্তী সময়ত জোনালীৰ ফোনৰ চুইচ অফ হয়। স্বামী চন্দ্ৰ নাথে সম্ভাৱ্য সকলো স্থানতে পত্নী জোনালীৰ খবৰ কৰে যদিও কোনো সম্ভেদ নাপালে। অৱশেষত উপায়হীন হৈ জোনালীৰ নিজ ভাতৃ আৰু আৰু একাংশ স্থানীয় লোকৰ সহযোগত মাটিয়া আৰক্ষী থানাক জোনালী নিৰুদ্দেশ হোৱা বুলি অৱগত কৰি সন্ধান‌ কৰবিলৈ সহায় বিচাৰে।

আৰক্ষীয়ে জোনালী নাথৰ মোবাইল‌ ফোনৰ শেষ অৱস্থিতি কৃষ্ণাইৰ খৈৰাবাৰী বুলি ধৰা পেলায়। পিচলৈ মোবাইলৰ কোনো অৱস্থিতি নাপালে। পৰৱৰ্তী সময়ত মাটিয়া আৰক্ষীয়ে জোনালীৰ সন্ধান চলাই থকা অৱস্থাত নিশা ৯ মান বজাত কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কৃষ্ণাই আৰক্ষীয়ে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি মাটিয়া আৰক্ষীয়ে পৰিয়ালক অৱগত কৰে। পিচত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহৰ ফটো চাই মৃতদেহটো জোনালী নাথৰ বুলি চিনাক্ত কৰে নিজ‌ স্বামী আৰু পৰিয়ালৰ লোকে।

কৃষ্ণাই আৰক্ষীয়ে সোমবাৰে পুৱা মৃতদেহটো গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটো মাটিয়া আৰক্ষীৰ জৰিয়তে পলিয়ালক চমজাই দিয়ে। ইয়াৰ পূৰ্বে জোনালী নাথৰ মৃতদেহটো গোৱালপাৰাস্থিত বিজেপিৰ জিলা কাৰ্যালয়লৈ লৈ যায় । দলৰ ৰাজ্যিক সভাপতি ভৱেশ‌ কলিতাৰ‌ উপস্থিতত দলীয় নেতা-কৰ্মীসকলে জোনালী নাথক শ্ৰদ্ধাঞ্জলি জনাই শেষ বিদায়‌ দিয়ে ।

জোনালীৰ নাথৰ মৃতদেহটো দুপৰীয়া ঘৰ পোৱাৰ লগে লগে জোনালীৰ পৰিয়ালত কান্দোনৰ‌ ৰোল‌ উঠে। মাতৃৰ মৃতদেহ দেখি কান্দোনত ভাগি পৰে দুই জীয়াৰীসহ স্বামী আৰু আত্মীয়-স্বজন। মাতৃ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী কৰে জ্যেষ্ঠ কন্যাই।

ইপিনে জোনালী নাথক ধৰ্ষণ কৰি হত্যা কৰা বুলি স্থানীয়‌ ৰাইজে সন্দেহ প্ৰকাশ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ‌ কলিতাই কয় যে- মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট মতে, তেওঁক কেবল‌ হত্যা কৰা হৈছে, ধৰ্ষণ কৰা হোৱা নাই। তেওঁ আৰু কয়- জোনালী নাথ দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল।আমি দলীয়ভাৱে তেওঁৰ পৰিয়ালটোৰ লগত আছো।

শাসকীয় পক্ষ হৈয়ো হত্যাকাণ্ডৰ উচিত তদন্তৰ বাবে হেচা প্ৰয়োগ কৰা হ'ব বুলি তেওঁ সংবাদ মাধ্যমত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। জোনালী নাথৰ‌ মৃত্যুত শোক প্ৰকাশ কৰি অহা তিনি দিন জিলা বিজেপিৰ কাৰ্যকালকে ধৰি জিলাখনৰ আঞ্চলিক কাৰ্যালয়সমূহত ‌দলীয় পতাকা অৰ্ধ উত্তোলন কৰি শোক প্ৰকাশ কৰাৰ‌ সিদ্ধান্ত লোৱাৰ বিপৰীতে জিলাখনত চলি থকা 'জন মহাসম্পৰ্ক অভিযান'ৰ আজিৰ‌ আৰু কাইলৈৰ অভিযান স্থগিত কৰা বুলি সভাপতি ভৱেশ‌ কলিতাই সদৰি কৰিছে।

বিজেপিৰ ৰাজ্যিক সম্পাদিকা টিনামণি দৈমাৰীয়ে এয়া অত্যন্ত মৰ্মান্তিক হত্যা বুলি অভিহিত কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনাই আৰক্ষীৰ তদন্ত ক্ষীপ্ৰতাৰে হোৱাৰ কামনা কৰে। জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভাইয়ো জোনালী নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সেইদৰে জিলাখনৰ অইন‌ বিৰোধী ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলৰ‌ লগতে মাটিয়া অঞ্চলৰ ৰাইজ আৰু জিলাখনৰ সচেতন মহলে জোনালী নাথৰ হত্যাকাণ্ডক এক পৰিকল্পিত হত্যা বুলি আখ্যা দি শীঘ্ৰেই হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী কৰিছে। জানিব পৰা মতে গোৱালপাৰা আৰক্ষীয়ে জোনালী নাথৰ হত্যাকাণ্ডৰ জোৰদাৰ‌ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ খাতিৰত জিলাৰ শীৰ্ষ আৰক্ষী মহলে একো মুখ খোলা নাই। মাটিয়া অঞ্চলৰ ইছলামপুৰৰ চাহ দোকানী মকবুল হুছেইনক আটক কৰি সোধা পোছা কৰি থকা বুলি জানিব পৰা গৈছে।

অদ্যপি কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা নাই। প্ৰণিধান‌যোগ্য যে, নেত্ৰীগৰাকীক নিশা অপহৰণ কৰি দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ যোৱা বুলি প্ৰথম অৱস্থাত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছিল। এই বাতৰি বিয়পি পৰাৰ‌ লগে লগে সমগ্ৰ জিলাখনত অইন‌ এক বিতৰ্কৰ সূচনা হ'বলৈ ধৰে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টত ধৰ্ষণৰ উল্লেখ নাই বুলি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে সদৰী কৰাত বিতৰ্কৰ ওৰ পৰে।

লগতে পঢ়ক: TMC Press meet: জোনালী নাথৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.