ETV Bharat / state

বেয়া লোকৰ বাবে বজ্ৰতকৈও কঠিন অসম আৰক্ষী : ভাস্কৰজ্যোতি মহন্ত - Assam police always harder than thunder for bad people

গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে মুকলি(New building of Lakhipur police station inugurated by DGP) কৰা হয় সোমবাৰে ৷ এই ভৱনটো উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

new-building-of-lakhipur-police-station-inugurated-by-dgp-of-assam-police
লক্ষীপুৰ থানাৰ নৱনিৰ্মিত ভৱন মুকলি
author img

By

Published : Apr 5, 2022, 3:40 PM IST

গোৱালপাৰা, 5 এপ্ৰিল : গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানা চৌহদত সোমবাৰে উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ মহন্তই লক্ষীপুৰ থানাৰ নৱনিৰ্মিত ভৱনটো মুকলি(New building of Lakhipur police station inugurated by DGP) কৰে ৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনি(MOITRI Scheme Assam) ৰ জৰিয়তে প্ৰায় 1,58,39,616 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ভৱনটো ৷

ভৱনটো মুকলি কৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয় যে, শিশুতকৈও কোমল, ফুলৰ দৰে পবিত্ৰ অসম আৰক্ষী ৷ কিন্তু অসৎ লোকৰ বাবে বজ্ৰতকৈও কঠিন অসম আৰক্ষী" (Assam police always harder than thunder for bad people) ৷ অপৰাধৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে আপোচ নকৰাৰ কথাও সদৰী কৰে সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

লক্ষীপুৰ থানাৰ নৱনিৰ্মিত ভৱন মুকলি

বিশেষকৈ বৃহত্তৰ লক্ষীপুৰৰ ভৌগোলিক স্থিতিৰ প্ৰতি লক্ষ্য কৰি থানাখন মহকুমা আৰক্ষী থানালৈ উন্নীত কৰাৰ পোষকতা কৰে সঞ্চালক-প্ৰধান মহন্তই ৷ সোমবাৰে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে পশ্চিম সংমণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক দিলীপ কুমাৰ দে’, উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু, পদ্মশ্ৰী বীৰুবালা ৰাভা, এপিডিচিএল-ৰ সঞ্চালক ড৹ প্ৰকাশ কাশ্যপ আৰু জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী আদিৰ লগতে জনসাধাৰণ ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে গোৱালপাৰা আৰক্ষীৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰে ৷

লগতে চাওক: ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.