গোৱালপাৰা, ২৮ জানুৱাৰী : "ভাৰতবৰ্ষলৈ এতিয়া ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে । একাংশ বদমাচ লোকে জধে-মধে মাদ্ৰাছা খুলি ইছলামিক শিক্ষাৰ পৰিৱৰ্তে জেহাদী শিক্ষা দিছে ।" এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ । শুকুৰবাৰে গোৱালপাৰা সদৰ আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱন উদ্বোধন কৰি এই মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।
তেওঁৰ মতে মাদ্ৰাছাসমূহৰ চাৰিটাকৈ শাখা আছে আৰু ইয়াৰে আটাইতকৈ ডাঙৰ শাখা হৈছে জামিয়া ওলেমা ই হিন্দ (Assam DGP reacts over Madrassa)। বাকী তিনিটা ক্ৰমে আহলে হাদিছ, আহলে চুন্নত আৰু নাদুৱা । এই চাৰিটা শাখাৰ ভিতৰত প্ৰতিটো শাখাৰ নিজা নিজা মাদ্ৰাছা আছে আৰু এই মাদ্ৰাছাসমূহ এৰাবীয়া, হাফিজিয়া, বানাত আৰু বহুতো ধৰণৰ মাদ্ৰাছা আছে । সেইসমূহ মাদ্ৰাছাত ছাত্ৰসকলক আৰবী আৰু ইছলামিক শিক্ষা দিয়া হয় ।
উল্লেখ্য যে, একাংশ মাদ্ৰাছাত ইছলামিক শিক্ষাৰ পৰিৱৰ্তে ছাত্ৰসকলক দিয়া হয় জেহাদীৰ শিক্ষা । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে ইতিমধ্যে এই মাদ্ৰাছাসমূহৰ পৰাই আনছাৰুল বাংলা টীম আৰু অলকায়দাৰ লগত জড়িত থকা ৫২ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও ৯ টাকৈ গোটক ধ্বংস কৰিছে । গ্ৰেপ্তাৰ কৰা প্ৰতিগৰাকীয়ে জধে-মধে একো একোখন মাদ্ৰাছা স্থাপন কৰি জেহাদী কাৰ্যকলাপ চলাই গৈছিল (Illegal Madrassa in Assam)।
তেওঁৰ মতে এতিয়াৰে পৰা জধে-মধে মাদ্ৰাছা স্থাপন কৰিব নোৱাৰিব । ৫০তকৈ কম ছাত্ৰ থকা মাদ্ৰাছা বন্ধ হ'ব লাগিব অথবা ডাঙৰ মাদ্ৰাছাৰ লগত চামিল হ'ব লাগিব আৰু চৰকাৰী ভূমিত কোনো ধৰণৰ মাদ্ৰাছা স্থাপনৰ পৰা বিৰত থাকিব লাগিব । প্ৰতিখন মাদ্ৰাছা ব'ৰ্ডৰ নীতি-নিয়মৰ মাজেৰে চলিব লাগিব । জধে-মধে মাদ্ৰাছবোৰ চলিলে কেতিয়াবা বোমা ফুটিব আৰু সংঘৰ্ষ লাগিব । ফলত হিন্দু-মুছলমানৰ কাজিয়া লাগিব । এনেকুৱা যাতে হ'ব নোৱাৰে তাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসমৰ চাৰিটাকৈ শাখাৰ মাদ্ৰাছাৰ পৰিচালনা কমিটিৰ সৈতে কেইবাবাৰো অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বৈঠকত মিলিত হয় ।
লগতে তেওঁ মাদ্ৰাছাসমূহ নিয়ন্ত্ৰণৰ বাবে এখন ব'ৰ্ড গঠন কৰিবলৈ আহ্বান জনায় আৰু ব'ৰ্ড গঠন কৰাৰ ইচ্ছা প্ৰকাশ কৰে মাদ্ৰাছাসমূহৰ পৰিচালনা কমিটিয়ে । ইতিমধ্যে অসমৰ ৪০০ খনতকৈ অধিক ছাত্ৰৰ সংখ্যা কম থকা মাদ্ৰাছা আন মাদ্ৰাছাৰ সৈতে চামিল হৈছে (Assam Madrassa controversy)। তেওঁ লগতে কয় যে যে অসমে অতীতৰে পৰা এক সুন্দৰ নিদৰ্শন দেখুৱাই আহিছে । তেওঁৰ মতে অসমত হিন্দু-মুছলমানসকলোৱে একত্ৰিত হৈ সম্প্ৰীতিৰে বসবাস কৰি আহিছে আৰু তেনেকৈ থাকিব লাগিব । তেওঁ লগতে কয় যে জেহাদী শিক্ষা প্ৰদান কৰা অথবা ভাৰতলৈ ভাবুবি অনা আৰু জেহাদী চিন্তাধাৰা থকা মাদ্ৰাছাৰ বিৰুদ্ধে আমি সকলোৱে থিয় হ'ব লাগিব ।
লগতে পঢ়ক :ULFA-I cadre surrender : সোণাৰিত আলফা কেডাৰৰ আত্মসমৰ্পণ