ETV Bharat / state

এছিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ বৰপথাৰৰ যুৱকৰ - প্ৰশান্ত কুমাৰ দাস

শেহতীয়াকৈ এছিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰে বৰপথাৰৰ এজন যুৱকে ৷ বিৰতি অবিহনে প্ৰশান্তই কেইবাটাও ইভেণ্ট সম্পন্ন কৰাৰ বাবে প্ৰদান কৰা হয় এই সন্মান ৷

বৰপথাৰ
এছিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ
author img

By

Published : Jan 21, 2020, 12:35 PM IST

সৰুপথাৰ,21 জানুৱাৰীঃ ধনশিৰি মহকুমাৰ বৰপথাৰৰ উদ্যমী যুৱক প্ৰশান্ত কুমাৰ দাসে এছিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । বিৰতি অবিহনে প্ৰশান্তই কেইবাটাও ইভেণ্ট সম্পন্ন কৰাৰ বাবে প্ৰদান কৰা হয় এই সন্মান ৷ বিগত বৰ্ষৰ ২৩ ছেপ্তেম্বৰৰ পুৱা উৰিয়ামঘাটৰ যোৰ দলঙৰ পৰা বৰপথাৰলৈ একেৰাহে ২২.৫ কিল’মিটাৰ খোজকঢ়াৰ উপৰিও শাৰিৰীক অনুশীলন প্ৰদৰ্শন কৰিছিল যুৱকজনে ৷ পূৰ্বতেও এনেধৰণৰ পদক্ষেপৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত যুৱকজনৰ নাম অন্তৰ্ভুক্ত হৈছে ৷

এছিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ

ধনশিৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাস বৰপথাৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা । লগতে যুৱকজন খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোঁঁহাইৰ বক্সিঙৰো আদিগুৰু । প্ৰশান্তৰ দ্বাৰা লিখিত কেইবাটাও প্ৰবন্ধ ইতিমধ্যে আন্তৰ্জাতিক আলোচনীত প্ৰকাশ পাইছে ৷ যাৰ বাবে ব্ৰিটেইনৰ এখন বিশ্ববিদ্যালয়ে যুৱকজনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।

লগতে চাওকঃগণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বোমা বিষ্ফোৰণ

Intro:ধনশিৰি মহকুমাৰ বৰপথাৰৰ উদ্যমী যুৱক প্ৰশান্ত কুমাৰ দাসে "এছিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে । উল্লেখিত কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কোনো ধৰণৰ বিৰতি অবিহনে প্ৰশান্তই কেইবাটাও ইভেণ্ট সম্পন্ন কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে । Body:যোৱা বছৰৰ ২৩ ছেপ্তেম্বৰ পুৱা উৰিয়ামঘাটৰ যোৰ দলঙৰ পৰা বৰপথাৰলৈ একেৰাহে ২২.৫ কি:মি: খোজেৰে আহি পঞ্চাশবাৰ পুচ্ আপ্ , পাঁচ মিনিট বক্সিং নি কম্বিনেশ্বন আৰু দুই কিলোমিটাৰ চাইক্লিং কৰিছিল। যুৱকজনৰ এনে পদক্ষেপৰ বাবে ইতিপূৰ্বে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ্ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

ধনশিৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাস বৰপথাৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা । প্ৰশান্তই বিশ্বখ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোঁঁহাইক স্কুলীয়া অৱস্থাৰ পৰাই বক্সিঙত পাৰ্গত কৰি উলিয়াই অনাত অৰিহণা যোগাই আহিছে । তাৰোপৰি প্ৰশান্তৰ দ্বাৰা লিখিত কেইবাটাও প্ৰৱন্ধ আন্তৰ্জাতিক আলোচনীত প্ৰকাশ পাইছিল তাৰ বাবে ব্ৰিটেইনৰ এখন বিশ্ববিদ্যালয়ে প্ৰশান্তক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ।Conclusion:Byte -- প্ৰশান্ত

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.