ETV Bharat / state

গোৱালপাৰাত আটক ড্ৰাগছ ব্যৱসায়ী - এজন ড্ৰাগছ ব্যৱসায়ী আটক

গোৱালপাৰা চহৰৰ বিহুফিল্ডত এজন ড্ৰাগছ ব্যৱসায়ী আটক । আৰক্ষীয়ে আটকাধীন ব্যৱসায়ীজনৰ পৰা তিনি লাখতকৈ অধিক নগদ ধনসহ জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

A drug dealer arrested in Goalpara
গোৱালপাৰাত আটক এজন ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : Jun 26, 2021, 11:00 PM IST

গোৱালপাৰা, 26 জুন: শনিবাৰে আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতেই গোৱালপাৰা আৰক্ষীৰ এক সফল অভিযান । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা চহৰতো ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰা হৈছে ৷ গোৱালপাৰা চহৰৰ বিহু ফিল্ডত বৃহস্পতিবাৰে এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰে আৰক্ষীয়ে । আৰক্ষীয়ে আটকাধীন ব্যৱসায়ীজনৰ পৰা তিনি লাখতকৈ অধিক নগদ ধন সহ জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

A drug dealer arrested in Goalpara
গোৱালপাৰাত আটক এজন ড্ৰাগছ ব্যৱসায়ী

ব্যৱসায়ীজন বিহুফিল্ডত ভাড়াতীয়া হিচাপে আছিল বুলি জানিব পৰা গৈছে । ৰাজ্য়ৰ ভিন্ন প্ৰান্তত ড্ৰাগছ ব্যৱসায়ীৰ চৰ্চা অব্যাহত থকাৰ সময়তেই পুনৰ গোৱালপাৰা চহৰৰ বিহুফিল্ডত এজন ড্ৰাগছ ব্যৱসায়ী আটক । শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতেই গোৱালপাৰা আৰক্ষীৰ এক সফল অভিযান । গোপন সূত্ৰৰ পম খেদি চহৰৰ বিহুফিল্ডত ভাড়াতীয়া হিচাপে থকা ড্ৰাগছ ব্যৱসায়ী ৰকিবুল ইচলামক আটক কৰে ।

গোৱালপাৰাত আটক এজন ড্ৰাগছ ব্যৱসায়ী

লগতে ৰকিবুলৰ ভাড়াঘৰৰ পৰা ৩ লাখ ২০ হেজাৰ টকা জব্দ কৰাৰ লগতে হেৰ’ইন, জাৱা টেৱলেট, সোণৰ বিস্কুট এখন আৰু বাইক এখন জব্দ কৰে । ইপিনে একে সময়তে আৰক্ষীয়ে আজমিৰ হুছেইন নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীকো আটক কৰে । দুয়োজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰ দক্ষিণ শালমাৰৰ মানকাচৰ থানাৰ ২ নং পূৱেৰ গাঁৱত বুলি জানিব পৰা গৈছে ৷

A drug dealer arrested in Goalpara
গোৱালপাৰাত আটক এজন ড্ৰাগছ ব্যৱসায়ী

কিছুদিন পূৰ্বে গোৱালপাৰা জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে । জিলাখনত বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ সৰবৰাহকাৰী আটক কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । গোৱালপাৰা চহৰৰ মাজমজিয়াত সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

লগতে ব্যক্তি জনৰ পৰা নিচাজাতীয় টেবলেট, চিৰিঞ্জ আৰু কিছু পৰিমানৰ গাঞ্জা জব্দ কৰে । তদন্তৰ খাতিৰত ব্যৱসায়ী জনৰ নাম গোপনে ৰখা বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে । বৰ্তমান ড্ৰাগছ ব্যৱসায়ীজনক জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে বিগত সপ্তাহটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি টকাৰো অধিক মূল্যৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক:হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.