ETV Bharat / state

Road Construction in Assam: পথ সম্প্ৰসাৰণৰ নামত গোৱালপাৰাত কটা হ’ব 7 হেজাৰ শালগছ

author img

By

Published : Jul 12, 2023, 6:21 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই অক্টোবৰত দুই কোটি গছপুলি ৰোপণ কৰি অভিলেখ সৃষ্টিৰ সপোন দেখিছে ৷ আনফালে বনবিভাগৰ ৭ হাজাৰ কুমলীয়া শালগছ কাটি তহিলংৰ প্ৰতিযোগিতা । গোৱালপাৰাত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত এদিনত কাটিলে ২৩০০ জোপা শালগছ । ঘাইপথ সম্প্ৰসাৰণত কটা যাব ৭ হেজাৰ শালগছ ।

Road Construction in Assam
Road Construction in Assam
উন্নয়নৰ নামত ধ্বংসযজ্ঞ

গোৱালপাৰা, ১২ জুলাই: এফালে দুই কোটি গছপুলি ৰোপণ কৰি চমক সৃষ্টি কৰাৰ সপোন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৷ আনফালে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ৭ হেজাৰ গছ কটাৰ অঘোষিত প্ৰতিযোগিতা । গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বনবিভাগৰ অধীনস্থ বৰঝাৰ বনাঞ্চলত কাটি তহলিং কৰা হ’ব ৭ হেজাৰ কুমলীয়া শালগছ । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে থকা সেউজীয়া নানা ৰঙৰ গছসমূহত পৰিছে এতিয়া বনবিভাগৰ হাতোৰা । পথছোৱা দুই লেনযুক্ত ঘাইপথৰ পৰা চাৰিলেনযুক্ত ঘাইপথলৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত বাবেই চলিছে এই বন ধ্বংসযজ্ঞ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দুই অক্টোবৰত দুই কোটি গছপুলি ৰোপণ কৰাৰ আহ্বান জনোৱাৰ মাজতে তথাকথিত উন্নয়নৰ নামত চকুৰ পচাৰতে এফালৰ পৰা কাটি তহিলং কৰা হৈছে হেজাৰ হেজাৰ কুমলীয়া শালগছ ।

গোলকীয় উষ্ণতাৰ ভয়াৱহতা আৰু প্ৰকৃতি ৰক্ষাৰ বিশ্বজোৰা আহ্বানৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে থকা কুমলীয়া শালগছসমূহ এফালৰ পৰা কাটি যোৱাকলৈ স্থানীয় ৰাইজ আৰু প্ৰকৃতি প্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

তথ্য অনুসৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে জিলাখনৰ কৃষ্ণাইৰ মধ্য বনাঞ্চলৰ বৰঝাৰ আৰু বৰমাটিয়া সংৰক্ষিত বনাঞ্চলৰ ৭৩৩৪ জোপা কুমলীয়া শাল কটা হ’ব । ইয়াৰ অংশ হিচাবে বুধবাৰৰ দিনটোতে কাটি পেলোৱা হৈছে ২৩০০ জোপা শালগছ । ইতিমধ্যে জিলাখনৰ শোলমাৰীৰ পৰা পঞ্চৰত্ন নৰনাৰায়ণ সেতুলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষেৰে থকা কৃষচূড়া, ৰাধাচূড়া আৰু বকুল গছসমূহ কাটি তহলিং কৰিছে বনবিভাগে ।

ঠিক তেনেদৰে কৃষ্ণাইৰ পৰা ধূপধৰালৈ যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষেৰে শাৰী শাৰীকৈ থকা সেউজীয়া শালগছৰ এক নান্দনিক পৰিৱেশে সকলো যাত্ৰীক মন্ত্ৰমুগ্ধ কৰিছিল । নান্দনিক পৰিৱেশ দেখি বাছ, সৰু গাড়ীৰে অহা-যোৱা কৰা সকলো যাত্ৰীয়েই প্ৰেমত পৰিছিল সেউজীয়া পৰিৱেশৰ । কিন্তু আজি ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ নামত অতি নিৰ্দয়ভাৱে এফালৰ পৰা কাটি তহিলং কৰিছে কুমলীয়া শালগছসমূহ ।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে ১ জুলাইৰ পৰা ৭৪ সংখ্যক বন মহোৎসৱ সপ্তাহ উদযাপনৰ বাবে লাখ লাখ টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বিজ্ঞাপন প্ৰচাৰ কৰিছিল । আনহাতে এই সময়ছোৱাতে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত সংৰক্ষিত বনাঞ্চলত হাজাৰ হাজাৰ গছ কাটি তহলিং কৰা হৈছে ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুই অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত দুই কোটি গছপুলি ৰোপণ কৰি অভিলেখ সৃষ্টিৰ প্ৰয়াস কৰিছে । প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে যিখন চৰকাৰে এনেবোৰ প্ৰচাৰ চলাই আহিছে সেই চৰকাৰখনেই বনাঞ্চলৰ গছ কাটি ধ্বংস অভিযান চলাটো স্বাভাৱিকতে উদ্বেগৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক: Toll gates in Assam: পথ নিৰ্মাণৰ বিপৰীতে কৰ সংগ্ৰহৰ লক্ষ্যৰে উজনিত পাঁচখনকৈ টোলগেট নিৰ্মাণৰ যো-জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.