ETV Bharat / state

যুৱকৰ মৃত্যুকলৈ উমৰাংচুত উত্তেজনা - অসম নিউজ

চিকিৎসক এন কে বাইলুং চিকিৎসাত গাফিলতি কৰাৰ বাবেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে বুলি অভিযোগ পৰিয়ালৰ । যুৱকজনক অক্সিজেনৰ প্ৰয়োজন হোৱাৰ পাচতো হাস্পতালত অক্সিজেন নাই বুলি চিকিৎসকজনে জনায় ৷ যাৰ বাবে অক্সিজেনৰ অভাৱত যুৱকজনে মৃত্যুক আঁকোৱালি লয় বুলি অভিযোগ উঠিছে ৷

চিকিৎসকৰ গাফিলতিত যুৱকৰ মৃত্যু
author img

By

Published : May 18, 2019, 11:49 PM IST

ডিমা হাছাও, ১৮ মে: চিকিৎসকৰ গাফিলতিৰ বাবে উমৰাংচু চৰকাৰী চিকিৎসালয়ত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্উটি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ ৰাইজে উমৰাংচু চৰকাৰী হাস্পতাল লণ্ডভণ্ড কৰাৰ অভিযোগ ৷ উমৰাংচুৰ বাসিন্দা ৰাজু পাল (30) বিগত কিছু দিন শাৰীৰিকভাৱে অসুস্থ হৈ আছিল ৷ যাৰ বাবে শনিবাৰে ৰাতিপুৱা প্ৰায় ৯ বজাত যুৱকজনক উমৰাংচু চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচৰে পৰা যুৱকজনৰ স্বাস্থ্য অৱনতি ঘটে বুলি অভিযোগ উত্থাপন কৰে যুৱকজনৰ পৰিয়ালে ৷

চিকিৎসকৰ গাফিলতিত যুৱকৰ মৃত্যু

চিকিৎসক এন কে বাইলুং চিকিৎসাত গাফিলতি কৰাৰ বাবেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে বুলি অভিযোগ পৰিয়ালৰ । যুৱকজনক অক্সিজেনৰ প্ৰয়োজন হোৱাৰ পাচতো হাস্পতালত অক্সিজেন নাই বুলি চিকিৎসকজনে জনায় ৷ যাৰ বাবে অক্সিজেনৰ অভাৱত যুৱকজনে মৃত্যুক আঁকোৱালি লয় বুলি অভিযোগ উঠিছে ৷ যাৰ বাবে চিকিৎসকৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি উত্তেজিত ৰাইজে উমৰাংচু চিকিৎসালয়ত আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । আনহাতে,যুৱকজনৰ মৃতদেহ চমজি লোৱা নাই পৰিয়ালৰ লোকে ৷

Intro:ডিমা হাছাও ১৮ মে: চিকিৎসকৰ গাফিলতীত উমৰাংচো চৰকাৰী হাস্পতালত এজন যুৱকৰ মৃত্যৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ উত্তেজনা দেখা দিয়ে। উত্তেজিত ৰাইজে উমৰাংচো চৰকাৰী হাস্পাতালত আক্ৰমণ কৰি হাস্পাতাল লন্ডভণ্ড কৰি দিয়াৰ অভিযোগ উঠিছে।Body:জানিব পৰা মতে উমৰাংচোৰ বাসিন্দা বছৰ ৩০ৰ ৰাজু পাল অসুস্থ হৈ পৰে তাৰ পিছত ৰাজুৰ পৰিবাৰ আজি ৰাতিপূয়া ৯ টা মান বজাত যুৱক জনক উমৰাংচো চৰকাৰী হাস্পাতালত ভৰ্তি কৰোৱাৰ পিছৰ পৰা স্বাস্থ্যৰ আৰু অৱনতি ঘটে। অভিযোগ হাস্পতালত ভৰ্তি কৰাৰ পিছত উমৰাংচো চৰকাৰী হাস্পাতালৰ চিকিৎসক এন কে বাইলুং চিকিৎসাত গাফিলতী কৰে।আৰু ইয়াৰ কাৰণে ৰাজু পালৰ স্বাস্থ্যৰ অৱস্থাৰ বেশি অৱনতি ঘটে। Conclusion:পৰিবাৰৰ অভিযোগ হাস্পাতালত ৰাজুক ভৰ্তি কৰাৰ পিছত যুৱক জনৰ শাশ্বৰ কষ্ট আৰম্ভ হয় কিন্তু ডক্টৰ এন কে বাইলুং তাতে ইমান গুৰুত্ব দিয়া নাই। যেতিয়া যুৱকজনৰ অক্সিজেনৰ প্ৰয়োজন তেতিয়া হাস্পাতালত অক্সিজেন নাই বুলি জনায় ডক্টৰ এন কে বাইলুংয়ে। তাৰ পাছত অক্সিজেনৰ অভাৱত অৱশেষত বিয়লি তিনিটা মন বজাত মৃত্যুৰ খাৱতী লগা হল ৰাজু দত্ত নামৰ যুৱকজন। যুৱকজনৰ এই কৰুণ মৃত্যু মানি লব পৰা নাই তাৰ পৰিবাৰ আৰু স্থানীয় ৰাইজে।তাৰপিছত চিকিৎসকৰ গাফিলতীৰ অভিযোগ আনি উত্তেজিত ৰাইজে উমৰাংচো হাস্পাতালক আক্ৰমণ কৰি লন্ডভণ্ড কৰি দিয়ে। খবৰ পাই উমৰাংচো থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে মৃত্যুৰ খাৱতী লোৱা যুৱকজনৰ পৰিবাৰ ইতিয়ালৈকে মৃতদেহ খন সমঝি লোৱা নাই বুলি জানিব পৰা গৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.